অকালতে অহা বৃদ্ধাৱস্থা দূৰ কৰক

0
2679

কুঁহিয়াৰ এবিধ তৃণজাতীয় শস্য৷ ইংৰাজীত ইয়াক ছুগাৰকেন(sugercane) বোলা হয়৷ অতি ৰসাল আৰু মিঠা স্বাদযুক্ত এইবিধ শস্য পৃথিৱীৰ মুঠ উৎপাদনৰ চাৰিভাগৰ এক অংশ ভাৰতত উৎপাদন হয়৷ গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰৰ ৰস৷ সোৱাদযুক্ত হোৱাৰ লগতে কুঁহিয়াৰৰ ৰস স্বাস্থ্যৰ পক্ষে লাভদায়ক৷ ইয়াত কেলচিয়াম, ক্ৰ’মিয়াম, কোবাল্ট, কপাৰ, মেগনেচিয়াম, মেংগানিজ, ফচফৰাছ, পটেচিয়াম আদি প্ৰচুৰ পৰিমাণে থাকে৷ ইয়াৰ উপৰি ভিটামিন-চিৰ লগতে এণ্টিঅক্সিডেণ্ট, প্ৰ’টিন আৰু আঁহ থাকে৷ গ্লু’কজৰ উৎস হ’ল কুঁহিয়াৰৰ ৰস৷ সাধাৰণতে চেনি ডায়েবেটিছ ৰোগীৰ কাৰণে অত্যন্ত বেয়া যদিও কুঁহিয়াৰৰ ৰস টাইপ-২ ডায়েবেটিছ ৰোগীৰ কাৰণে অতি উপকাৰী৷ কুঁহিয়াৰৰ ৰস খালে শৰীৰত যথেষ্ট পৰিমাণে শক্তি পোৱা যায়৷ কুঁহিয়াৰৰ ৰস সেৱন কৰিলে মহিলাসকলৰ স্তন কেঞ্চাৰ আৰু প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা কমে৷ কুঁহিয়াৰৰ ৰসে কিডনী সুৰক্ষিত কৰি ৰাখে৷ প্ৰস্ৰাৱৰ সমস্যা, জ্বলন-পোৰণ, এচিডিটি আদিৰ সমস্যা কুঁহিয়াৰৰ ৰস সেৱন কৰিলে নিৰাময় হয়৷ যিহেতু কুঁহিয়াৰৰ ৰস এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ, সেয়ে শৰীৰৰ বিভিন্ন ইনফেকশ্যন আদিত কুঁহিয়াৰৰ ৰস অতি উপকাৰী৷ জণ্ডিচ ৰোগীৰ বাবে কুঁহিয়াৰৰ ৰস মহৌষধ৷ মুখৰ দুৰ্গন্ধ বা দাঁতৰ আলুৰ বিভিন্ন সমস্যা কুঁহিয়াৰৰ ৰসে নিৰ্মূল কৰে৷ কুঁহিয়াৰৰ ৰসে শৰীৰত চৰ্মৰোগৰ সমস্যা দূৰ কৰে৷ আমাৰ নখ মজবুত কৰাত কুঁহিয়াৰৰ ৰসে অৰিহণা যোগায়৷ কুঁহিয়াৰৰ ৰস সেৱনৰ ফলত শৰীৰত অকালতে অহা বৃদ্ধাৱস্থাৰ সমস্যা নিৰাময় কৰিব পাৰি। গতিকে কুঁহিয়াৰৰ ৰস সেৱন কৰি আমাৰ শাৰীৰিক নানা সমস্যা নিৰাময় কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here