Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksঅকল সৌন্দৰ্যই নহয়, ৰড’ডেন্দ্ৰন ফুলৰ আছে আচৰিত উপকাৰিতাBy Health Plus - March 11, 2025015Facebook Twitter Pinterest WhatsApp ৰড’ডেন্দ্ৰন ফুল দেখিবলৈ কেৱল ধুনীয়াই নহয়, ইয়াৰ বহুকেইটা গুণ আৰু ব্যৱহাৰ আছে৷ বিশ্বত ৰড’ডেন্দ্ৰন ফুলৰ প্ৰায় ১২০০টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে সৰ্বাধিক ৫৭১টা প্ৰজাতি চীনদেশত পোৱা যায়৷ আনহাতে ভাৰতবৰ্ষত ৰড’ডেন্দ্ৰন ফুলৰ মুঠ ৮০ টা প্ৰজাতি পোৱা যায়৷ এই ফুলৰ বহুকেইটা ঔষধি গুণো আছে৷জানো আহক এই ফুলৰ গুণাগুণৰ বিষয়ে৷ ৰড’ডেন্দ্ৰন ফুলৰ গছৰ পৰা একাধিক স্বাস্থ্যৰ উপকাৰ হোৱাৰ উপৰি ৰোগ প্ৰতিৰোধী ক্ষমতাও আছে৷খাদ্য আৰু পানীয় উদ্যোগত এই ফুল আৰু গছৰ বহুল ব্যৱহাৰৰ সম্ভাৱনা আছে৷ ৰড’ডেন্দ্ৰনগছৰ শিপা আৰু ফুল জ্বৰ, মূৰৰ কামোৰণি, মধুমেহ, বাতবিষ আদিৰ দৰে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷এই ফুলৰ ৰস বিভিন্ন পানীয়ত ব্যৱহাৰ কৰা হয়৷ জনা মতে ৰড’ডেন্দ্ৰন ফুলৰ ৰস মিহলি পানীয়ৰ ঔষধি গুণ বহু বেছি৷এই ফুল শুকুৱাই পাউডাৰ হিচাপেও বিভিন্ন চাট্নি, আচাৰ আদিৰ সৈতে মিহলি কৰা হয়৷আনকি এই পাউডাৰে তেঁতেলীৰ সোৱাদ অধিক টেঙা কৰাৰ দৰে কামো কৰে৷ৰড’ডেন্দ্ৰন ফুলৰ পৰা ছিকিমত স্থানীয়ভাৱে ৰেড ৱাইন প্ৰস্তুত কৰাও হয়৷