শীতৰ দিনকেইটাত স্থানীয়ভাৱে উৎপাদন হোৱা লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা কমলা টেঙাৰে বজাৰ ভৰি পৰিছে৷ শীতকালি কমলা টেঙা খোৱাটো সকলোৱে পচন্দ কৰে৷ ইয়াৰ সুস্বাদু তথা উপকাৰিতাৰ বিষয়ে সকলোৰে জ্ঞাত হোৱা হেতুকে চাহিদাও যথেষ্ট বেছি৷ সাধাৰণতে কমলা খাই ইয়াৰ বাকলিবোৰ পেলাই দিয়া হয়৷ কিন্তু কমলা টেঙাৰ যিমান উপকাৰী গুণ আছে, ইয়াৰ বাকলিৰে একেধৰণৰ উপকাৰ আছে, যি আমি জ্ঞাত নহয়৷ সেয়ে আমি অজ্ঞাতে কমলা টেঙা খাই ইয়াৰ বাকলিবোৰ পেলাই দিওঁ৷ কমলা টেঙাৰ বাকলিবোৰৰ গুণাগুণ বুজি এতিয়াৰ পৰা পেলাই নিদি সংৰক্ষণ কৰি ৰাখক৷ বিশেষজ্ঞই জনোৱা মতে কমলা টেঙাৰ বাকলিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব পাৰে৷ ছালৰ সুস্থতা পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন উপকাৰত কমলা টেঙাৰ বাকলিয়ে কৰিব পাৰে৷ ডেজাৰ্ট বনোৱাত তথা কোনো পানীয়ত ফ্লেভাৰ হিচাপে কমলা টেঙাৰ বাকলি যোগ কৰিব পাৰে৷ আনহাতে চাহৰ সৈতে বা ককটেল আদিত ইয়াৰ বাকলি মিহলি কৰি সেৱন কৰিলে স্বাদ অপূৰ্ব হোৱাৰ লগতে শাৰীৰিক সুস্থতা ৰক্ষা কৰে৷ ইয়াৰ বাকলি গুড়ি কৰি ৰ’দ শুকাই সংৰক্ষণ কৰি ৰাখিব পাৰে৷ শৰীৰৰ ইমিউনিটি বঢ়োৱাত এই বাকলিয়ে বিশেষ সহায় কৰে৷ মুখৰ ব্ৰুনৰ সমস্যা তথা ছালৰ ৰুক্ষতা নোহোৱা কৰিবলৈ কমলা টেঙাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে বাকলিৰ গুড়ি, গোলাপ জল আৰু দৈ একেলগে এটা পাত্ৰত ভালদৰে মিহলাই মুখত লগালে উক্ত সমস্যা সহজে সমাধান হয়৷ ইয়াৰ উপৰি বাচন-বৰ্তন ধোৱা চাবোনৰ বিকল্প হিচাপে কমলা টেঙাৰ বাকলি ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে নেমুৰ ৰস, ভিনেগাৰ, কমলা টেঙাৰ বাকলি আৰু সামুদ্ৰিক নিমখ একেলগে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ তাৰ পাছত বাচন মাজাত চাবোনৰ পৰিৱৰ্তে এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে ঘৰৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ কমলা টেঙাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে কমলা টেঙাৰ বাকলি, গোলাপৰ পাহি, ষ্টাৰ এনিজ, ডালচেনি, ইলাচি আৰু প্ৰয়োজন অনুসৰি এচেনচিয়াল অইল মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব৷ এই মিশ্ৰণটো স্প্ৰে’ৰ সহায়ত ঘৰৰ ভিতৰত কৰিলে ঘৰৰ পৰা দুৰ্গন্ধ নাইকিয়া হোৱাৰ উপৰি ঘৰৰ ভিতৰৰ পৰা মহ, পোক-পৰুৱা, পঁইতাচোৰা আদি কীট-পতংগবোৰো আঁতৰাই পঠিয়াব পাৰি৷