ৰাতি টোপনিৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ লগা অথবা প্ৰস্ৰাৱৰ প্ৰৱণতাই টোপনিত ব্যাঘাত জন্মায়৷ গোটেই দিনৰ কামৰ ভাগৰ, ক্লান্তি দূৰ কৰিবলৈ নিশা চকুৰ পতা জাপ খাই যায় যদিও সঘনাই প্ৰস্ৰাৰ লগাৰ বাবে ৰাতি পৰ্যাপ্ত টোপনি অহাত সমস্যাৰ সৃষ্টি কৰে৷ যাৰ বাবে গোটেই দিনটো মন-মেজাজ বেয়া হৈ থাকে৷ চিকিৎসাৰ পৰিভাষাত ইয়াক নকচুৰিয়া বোলা হয়৷ অৰ্থাৎ একাধিকবাৰ প্ৰস্ৰাৱ হোৱাৰ বাবে টোপনি নষ্ট কৰাৰ প্ৰৱণতা৷ ইয়াৰ অন্তৰালত বহু কাৰণ থাকিব পাৰে৷ চল্লিছ বছৰ পাৰ হোৱাৰ পাছত প্ৰায়ভাগৰে ক্ষেত্ৰত এই সমস্যা দেখা যায়৷ পঞ্চাশৰ পাছত এই সমস্যা আৰু বাঢ়ে৷ শৰীৰ সুস্থ ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী সেৱনৰ পৰামৰ্শ দিয়ে পুষ্টিবিদে৷ দিনে ডেৰ-দুই লিটাৰ পানী খালে শাৰীৰিক সমস্যা দূৰ হয়৷ চাহ-কফি তথা এলকহল বেছি খালেও প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়িব পাৰে৷ কৰ্মসূত্ৰে বহুতেই ৰাতি সাৰে থাকি কাম কৰিবলগীয়া হয়৷ বডী ক্লক পৰিৱৰ্তন হ’লেও নকচুৰিয়াৰ দৰে সমস্যা দেখা দিব পাৰে৷ এণ্টি চাইকিয়াট্ৰিক ড্ৰাগ বা কিডনীৰ ঔষধ খালেও প্ৰস্ৰাৱ বেছি হ’ব পাৰে৷ চল্লিছৰ পাছত বহুতেই নকচুৰিয়াত ভোগে৷ বয়স্কসকলৰ এই সমস্যা বেছি হয়৷ মহিলাসকলৰ গৰ্ভাৱস্থা বা ৰজোনিবৃত্তিৰ পাছত এই সমস্যা বেছি হ’ব পাৰে৷ হাৰ্টৰ অসুখ, কিডনীৰ ষ্ট’ন, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা থাকিলে এই প্ৰৱণাতা বৃদ্ধি হয়৷ ডায়েবেটিছ থাকিলে নিশা প্ৰস্ৰাৱ কৰাৰ প্ৰৱণতা বৃদ্ধি হয়৷ শৰীৰৰ থাইৰয়েড হৰমন, কৰ্টিচেল হৰমনৰ আধিক্য হ’লেও এইধৰণৰ সমস্যা হ’ব পাৰে৷ স্নায়ুৰ ৰোগ আৰু মূত্ৰথলীৰ কেঞ্চাৰ হ’লেও হ’ব পাৰে৷