ৰাজ্য চৰকাৰৰ নতুন SOP

0
1460
ৰাজ্যত ক্ৰমাৎ কভিড পৰিস্থিতি উন্নতি ঘটাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ১৭ আগষ্টত এখন সংবাদমেল সম্বোধন কৰি কভিড-সম্পৰ্কীয় SOP ঘোষণা কৰে৷ এই SOP খন ১৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব৷ নতুন SOP মতে ৰাজ্যজুৰি আৰু এঘণ্টা নৈশ সান্ধ্য আইন শিথিল কৰা হৈছে৷ ৰাজ্যৰ সকলো জিলাতে নিশা ৭ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব৷ আনহাতে সন্ধিয়া ৬ বজালৈকে খোলা থাকিব সকলো দোকান-পোহাৰ, কাৰ্যালয়, হোটেল, ৰেস্তোৰাঁ, বাণিজ্যিক প্ৰতিষ্ঠান, শাক-পাচলি, ফল-মূলৰ দোকান, বিক্ৰী কেন্দ্ৰ আদি৷ আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও শিথিল কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে৷ কিন্তু ৰাজহুৱা পৰিবহণ, যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব৷ কামৰূপ মহানগৰ জিলাৰ পৰা আন জিলালৈ আৰু কামৰূপ মহানগৰ জিলালৈ আহ-যাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব৷ ইয়াৰ লগতে দৈনিক যুগ্ম-অযুগ্ম বাহনৰ চলাচলৰ ক্ষেত্ৰত থকা নিয়ম বাতিল কৰা হৈছে৷ আনহাতে মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত সৰ্বাধিক ২০০ গৰাকী লোকে ভাগ ল’ব পাৰিব৷ প্ৰেক্ষাগৃহ, সভাগৃহ আদিত আয়োজিত বিশেষ অনুষ্ঠানত ৫০ শতাংশ আসনৰ অনুমতি দিয়া হৈছে৷ কিন্তু কভিডৰ দুয়োপালি ভেক্‌চিন লোৱা লোকেহে এইসমূহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব৷ বিবাহ, সকাম, মাংগলিক অনুষ্ঠান, অন্তিম সৎকাৰ আদিত সৰ্বাধিক ২৫জন লোক সমবেত হ’ব পাৰিব৷ আনহাতে মন্দিৰ, ধৰ্মীয় অনুষ্ঠানত ১০ গৰাকী লোকৰ অনুমতি প্ৰদান কৰা হৈছে৷ গুৱাহাটীৰ কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ মন্দিৰ দৰ্শনত অনুমতি দিয়া হৈছে৷ উল্লেখ্য যে কভিড ভেকচিনৰ দুয়োপালি টিকা গ্ৰহণ কৰা লোকেহে মন্দিৰ দৰ্শনৰ অনুমতি লাভ কৰিব৷ আনহাতে বিমান বন্দৰত দুয়ো পালি কভিড প্ৰতিষেধক লোৱা বিমান যাত্ৰীয়ে কভিড পৰীক্ষাৰ পৰা ৰেহাই পাব৷ ইফালে কমেও এপালি কভিড ভেক্‌চিন লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নিয়মীয়াকৈ কাৰ্যালয়লৈ আহিব লাগিব৷ ৩ বছৰৰ তলৰ শিশুৰ চাকৰিয়াল মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব৷ ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নাম-কীৰ্তনৰ বাবে ৫০ শতাংশ ভক্তপ্ৰাণ ৰাইজক অনুমতি দিয়া হৈছে৷ আনহাতে MBBS-ৰ চূড়ান্ত বৰ্ষ, BSC নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু GNM-ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব৷ পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কভিডৰ দুয়োপালি ভেক্‌চিন গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ আহিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here