ৰাজ্যসমূহে কি হিচাপে ভেক্‌চিন পাব? জনালে কেন্দ্ৰই

0
1336
দেশত ১৮ বছৰৰ ঊধ্বৰ্ৰ সকলোৰে বাবে কেন্দ্ৰই বিনামূলীয়াকৈ ভেক্‌চিনৰ যোগান ধৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাৰ পাছত স্বাস্থ্য মন্ত্ৰ্যালয়ে নতুন ভেক্‌চিন নীতি জাৰি কৰে৷ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা ভেক্‌চিনৰ নতুন নীতি-নিৰ্দেশ অহা ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব৷ নতুন নীতি-নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ভেক্‌চিন উৎপাদন কৰা কোম্পানীৰ পৰা ৭৫% ভেক্‌চিন ক্ৰয় কৰিব আৰু সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক বিনামূলীয়াকৈ যোগান ধৰিব৷ কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা, সংক্ৰমিতৰ সংখ্যা আৰু টিকাকৰণ অভিযানৰ অগ্ৰগতিৰ ভিত্তিত ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ভেক্‌চিনৰ যোগান ধৰিব৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে দিয়া ভেক্‌চিনৰ ক্ষেত্ৰত ৰাজ্যসমূহে অগ্ৰাধিকাৰ দিয়া লোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব৷ স্বাস্থ্য কৰ্মীক ইয়াত শীৰ্ষ স্থানত ৰাখিব লাগিব৷ ইয়াৰ পাছত ৪৫ বছৰৰ ঊধবৰ্ৰ ব্যক্তি আৰু প্ৰথম পালি ভেক্‌চিন লোৱা লোকসকলে স্থান পাব লাগিব৷ তাৰ পাছতহে ১৮ বছৰৰ ঊধবৰ্ৰ লোকসকলে স্থান পাব৷ ইয়াৰ বাবে ৰাজ্যসমূহে নিজৰ হিচাপ মতে অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰিব৷  চৰকাৰে সকলোৰে বাবে ভেক্‌চিনৰ যোগান ধৰিব, কিন্তু যিসকল আৰ্থিকভাৱে সক্ষম তেওঁলোকক ধন দি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভেক্‌চিন ল’বলৈ আহবান জনোৱা হৈছে৷ দৰিদ্ৰ লোকক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভেক্‌চিন দিয়াৰ বাবে ই-ভাউচাৰ দিয়া হ’ব আৰু যাৰ নামত ই-ভাউচাৰ দিয়া হ’ব কেৱল তেওঁহে ব্যৱহাৰ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here