ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ! শিশু-মহিলাসহ ২২জনক উদ্ধাৰ

0
1334
বৰ্তমান ৰাজ্যত মানৱ সৰবৰাহকাৰী চক্ৰ যে সক্ৰিয় হৈ আছে, সেই কথাৰ যোৱা ৯ আগষ্টত পুনৰ প্ৰমাণিত হ’ল ৰঙিয়া ৰে’ল জংছনত৷ সশস্ত্ৰ সীমা বল চমুকৈ SSB-ৰ তৎপৰতাত যোৱা ৯ আগষ্টত ৰঙিয়া ৰে’ল জংছনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা শিশু-মহিলাসহ ২২জনক উদ্ধাৰ কৰা হয়৷ ৰঙিয়া ৰে’ল আৰক্ষীয়ে এই সংক্ৰান্তত কুমাৰীকাটা অঞ্চলৰ সঞ্জীৱ বড়ো নামৰ এজন লোকক আটক কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত-ভূটান সীমান্তৱৰ্তী বগামাটি নদীৰপাৰ অঞ্চলৰ এই লোকসকলক মানৱ সৰবৰাহকাৰী চক্ৰ এটাই কৰ্মসংস্থাপনৰ প্ৰলোভন দি গুজৰাটলৈ নিয়াৰ যো-জা চলাইছিল৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৱে আটাইকেইজন লোককে ৰঙিয়াৰ পৰা উজনিমুৱা ঊষা এক্সপ্ৰেছযোগে গুজৰাটলৈ নিয়াৰ বাবে সকলোকে ৰঙিয়া ৰে’ল জংছনলৈ আনে৷ পিছে গোপন সূত্ৰযোগে মানৱ সৰবৰাহকাৰী চক্ৰৰ এই কৰ্ম-কাণ্ডৰ বিষয়ে SSB অৱগত হোৱাত তেওঁলোকে লোকসকলক উদ্ধাৰৰ বাবে ৰঙিয়া ৰে’ল জংছনত উপস্থিত হয়৷ ৰঙিয়াত SSB-য়ে RPF-ৰ সহযোগত আটাইকেইজন লোককে উদ্ধাৰ কৰে আৰু GRP-ক গতাই দিয়ে৷ দলটোত দুগৰাকী মহিলাৰ লগতে এটা শিশুও আছিল৷ GRP-য়ে আটাইকেইজন লোককে নিজ নিজ পৰিয়ালৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here