ৰাজ্যত খোৱাপানীৰ নামত বিক্ৰী হৈ আছে বৰবিহ

0
1134
সম্প্ৰতি বজাৰত বিভিন্ন ব্ৰেণ্ডৰ প্লাষ্টিকৰ খোৱাপানীৰ বটল উভৈনদী হৈ পৰাৰ লগতে বজাৰ দখল কৰিছে৷ কিন্তু এই খোৱাপানীৰ বটলৰ বিশুদ্ধতাৰ ওপৰতো বিভিন্ন সময়ত প্ৰশ্নৰ সৃষ্টি হৈ আহিছে৷ EREC India Research Laboratory-য়ে বজাৰত উপলব্ধ বিভিন্ন ব্ৰেণ্ডৰ প্লাষ্টিকৰ খোৱাপানীৰ বটলৰ পানীৰ গুণাগুণ পৰীক্ষা কৰোঁতে অধিকাংশ বটলৰ পানীতেই বিষাক্ত বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছিল৷ Savor, এৰ ইণ্ডিয়া, মানস, জ্যোতি ড্ৰপ, স্প্ৰীং ড্ৰপ, লিভানা, Bisleri আৰু স্কট্‌ছ স্প্ৰীঙৰ খোৱাপানীৰ বটলৰ পানীত বিষাক্ত ভেঁকুৰ, বোকা আৰু মাৰাত্মক বীজাণু চালমোনেলা, ছিগালা, ষ্টেফিল’কাছ আৰু চুদ্যোমনাছৰ উপস্থিতি ধৰা পৰিছিল৷ বিশেষকৈ বিভিন্ন সময়ত একাধিক কোম্পানীৰ খোৱাপানীৰ বটলত মাৰাত্মক দ্ৰব্য উদ্ধাৰ হোৱাৰ পাছতো কিন্তু গা নলৰিল চৰকাৰ, স্বাস্থ্য বিভাগ তথা যোগান বিভাগৰ৷ বৰ্তমান সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৮০টাৰো অধিক ডিক্ৰিং ৱাটাৰ প্লেণ্ট আছে৷ কিন্তু একমাত্ৰ ধন ঘটাৰ লক্ষ্য আগত ৰাখি একাধিক ড্ৰিক্ৰিং ৱাটাৰ প্লেণ্টত পানীৰ বিশুদ্ধতাৰ ওপৰত কোনোধৰণৰ গুৰুত্ব নিদি দূষিত খোৱাপানীকে বটলত ভৰাই বজাৰত বিক্ৰী কৰিবলৈ একাংশ কোম্পানীক চৰকাৰে ৰঙা দলিচা পাৰি দিছে৷ মহানগৰত খোৱাপানীৰ নাটনিৰ সুযোগ গ্ৰহণ কৰি খোৱাপানী বিক্ৰী কৰা ব্যৱসায়ীসকলো সমানেই সক্ৰিয় হৈ উঠিছে৷ গতিকে এই ক্ষেত্ৰত  চৰকাৰ তথা দায়িত্বশীল বিভাগে মহানগৰবাসীক বিশুদ্ধ খোৱাপানীৰ নিশ্চয়তা প্ৰদান কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here