Beauty PlusDiet PlusHealth NaturallyHealth Talksৰন্ধন টিপছ ঃ ব্যঞ্জনখনত অত্যধিক নিমখ হ’লে কি কৰিব?By Health Plus - August 19, 202502Facebook Twitter Pinterest WhatsApp প্ৰত্যেকদিনে ৰন্ধাৰ অভিজ্ঞতা থকা কাৰণে আপুনি বনোৱা ব্যঞ্জনবোৰত নিমখৰ পৰিমাণক লৈ খুব বেছি চিন্তাৰ কাৰণ নাই৷ কাৰণ নিমখৰ পৰিমাণটো মোটামুটি হিচাপে এটা অনুমান কৰিব ল’ব পৰা হয়৷ কিন্তু তাৰ মাজতো কেতিয়াবা তৰকাৰী বা অন্য আঞ্জাত নিমখৰ পৰিমাণ বেছি হ’লে খোৱাৰ অনুপযোগী হৈ পৰে৷ কথাতে আছে বোলে আঞ্জাখন যিমানে সোৱাদ নহওক লাগিলে বোলে নিমখৰ পৰিমাণ সমান নহ’লে সকলো অনৰ্থক৷ এনেধৰণৰ দুৰ্ঘটনা যদি এদিনীয়া আলহীক আপুনি এসাজ খাবলৈ নিমন্ত্ৰণ দিওঁতে হয়, এনে পৰিস্থিতিত আপুনি হয়তো উৱাদিহ হেৰুৱাব৷ ৰ’ব, চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো এনে সমস্যাৰ সমাধান আপোনাৰ হাততে আছে৷ আঞ্জাত নিমখ বেছি হ’লে কি কৰিব সেয়া জানো আহক৷তৰকাৰী বা দাইলত অতিৰিক্ত নিমখ হ’লে আপুনি এটা আলু সিদ্ধ কৰি গোটে গোটে আলুটো সেই ব্যঞ্জনখিনি পেলাই দিয়ক৷ দেখিব নিমখৰ পৰিমাণ সমতুল হৈছে৷ কাৰণ আলুটোৱে আঞ্জাখিনিৰ লৱণখিনি শোষণ কৰি লৈছে৷আন এটা উপায় হ’ল বেছি নিমখ হোৱা আঞ্জাত ময়দা পানীত গুলি লৈ সৰু সৰু বলৰ দৰে কৰি পেলাই দিয়ক৷ নিমিষতে আঞ্জাখনৰ অতিৰিক্ত নিমখ নোহোৱা হ’ব৷ইয়াৰ উপৰি অতিৰিক্ত নিমখ হোৱা ব্যঞ্জনখনত কেঁচা পিঁয়াজ দিব পাৰে৷ এটা পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি বেছি নিমখ হোৱা আঞ্জাখনত পেলাই দিয়ক৷ পিঁয়াজে অতিৰিক্ত নিমখ শোষণ কৰি নিমখৰ পৰিমাণ জোখৰ কৰিব৷অত্যধিক নিমখ বেছি হোৱা তৰকাৰীত গাখীৰ মিহলাব পাৰে৷ গাখীৰে আঞ্জাখনত নিমখৰ পৰিমাণ কমোৱাৰ উপৰি আঞ্জাখনৰ সোৱাদ বৃদ্ধিতো অৰিহণা যোগায়৷মাছৰ ব্যঞ্জানৰ ক্ষেত্ৰত নিমখ বেছি হ’লে বিলাহী দিব পাৰে৷ ইয়ে সোৱাদ বঢ়োৱাৰ লগতে নিমখৰ পৰিমাণো কমায়৷টকজাতীয় ব্যঞ্জনত নিমখ বেছি হ’লে চেনি অলপ মিহলাই দিলে নিমখৰ পৰিমাণ কমি যায়৷