ৰ’দে পোৰা ছালৰ সমাধানৰ বাবে লগাওক চন্দনৰ এই ফেচপেক

0
3

ছালখনৰ ঔজ্জ্বল্য ঘূৰাই আনিব পাৰে চন্দন ব্যৱহাৰৰ জৰিয়তে৷ চন্দনৰ সুগন্ধি গুৰিৰে ফেচপেক প্ৰস্তুত কৰি ৰ’দে পোৰা ছালখন সুস্থ তথা স্বাস্থ্যৱান কৰিব পাৰে৷ উল্লেখ্য যে ৰূপচৰ্চাত সুগন্ধি চন্দন কাঠৰ গুৰিৰ অৱদান বহু শতিকাজুৰি হৈ আহিছে৷ চন্দনৰ গুৰি ব্যৱহাৰ কৰাৰ ফলত ছালখন উজ্জ্বল, মসৃণ হোৱা সহায় কৰে৷ চন্দন কাঠৰ গুৰিয়ে প্ৰদাহনাশী তথা জীৱাণুূৰ সৈতে যুঁজ কৰি ছালৰ স্বাস্থ্য ভালে ৰাখে৷ বেক্টেৰিয়াৰ লগত মোকাবিলা কৰিবলৈ চন্দন কাঠ সক্ষম৷ যাৰ ফলত মুখত ৰঙা পৰা ভাব কমোৱাৰ লগতে ব্ৰুনৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি ছালৰ শুষ্কতা নোহোৱা কৰি ছালখনৰ অতিৰিক্ত তেল কমোৱাত সহায় কৰে৷ ছালখন নিস্তেজ হৈ আহিলে চন্দন কাঠৰ গুৰি ব্যৱহাৰ কৰিব পাৰে৷ কাৰণ ছালৰ এই অসুবিধা নোহোৱা কৰি ছালখনলৈ ঔজ্জ্বল্যৰ ভাব অনাত সহায় কৰে৷ চন্দনৰ গুৰিয়ে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে তথা ছালৰ মৃত কোষ নোহোৱা কৰাত সহায় কৰে৷ যাৰ ফলত ছালৰ কোমলতা বৃদ্ধি কৰে৷ মুখৰ ক’লা দাগ থাকিলে এই ফেচপেক ব্যৱহাৰ কৰিলে উন্নত ফল পোৱা যায়৷ নেশ্যনেল ইনষ্টিটিউট অব হে’লথৰ মতে চন্দনত শীতলীকৰণ বৈশিষ্ট্য আছে৷ যাৰ ফলত প্ৰদাহনাশী হিচাপে কাম কৰে৷ ৰ’দৰ পোৰা ছাল, ছালৰ জ্বলন হোৱা ভাব প্ৰশমিত কৰাৰ বাবে চন্দনৰ গুৰি উপযুক্ত৷ ৰ’দত পোৰা ছালত চন্দনৰ পেষ্ট লগালে আৰাম পোৱাৰ লগতে সোনকালে আৰোগ্য লাভ কৰিব পাৰে৷ স্বাস্থ্যকৰ ফেট আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ চন্দন কাঠ৷ বয়সৰ লগে লগে ছালত বলিৰেখাৰ সমস্যাই দেখা দিয়ে, মুখত ক’লা দাগ পৰে৷ এই সকলো সমস্যা সমাধানৰ বাবে চন্দন কাঠ যথেষ্ট উপকাৰী৷ চন্দনৰ গুৰিয়ে সমস্ত ফ্ৰী ৰেডিকেলে অকাল বাৰ্ধক্যৰ চাপ নোহোৱা কৰিবলৈ কাৰ্যকৰী৷ ইয়াৰ লগতে কোলাজেনৰ উৎপাদন বৃদ্ধিত চন্দনৰ গুৰিয়ে সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here