Daily newsDiet PlusFitness PlusHealth NaturallyHealth Talksৰজোনিবৃত্তি-পৰ্বত কোনবোৰ খাদ্য বেছি খোৱা বিপজ্জনকBy Health Plus - June 23, 202503Facebook Twitter Pinterest WhatsApp মহিলাসকলৰ ৰজোনিবৃত্তি পৰ্বত বিভিন্ন নিয়ম মানি চলাৰ লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷ ৰজোনিবৃত্তি পৰ্বত মহিলাসকলৰ শৰীৰত ইষ্টোজেন হৰমনৰ পৰিমাণ কমি যায়৷ যাৰ ফলত এই সময়ত ষ্ট্ৰ’কৰ সম্ভাৱনা বাঢ়ি যায়৷ ৱৰ্ল্ড অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থাৰ যৌথ সমীক্ষাত কোৱা হৈছে যে প্ৰাপ্তবয়স্কৰ মাজত ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ সংখ্যা দিনক দিনে বাঢ়িছে৷ এবাৰ ষ্ট্ৰ’ক হ’লে পক্ষপাতগ্ৰস্ত অৱস্থা হৈ যায়৷ দৈনন্দিন কিছুমান অভ্যাসে এই সম্ভাৱনা আৰু বৃদ্ধি কৰিছে৷ বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত অসামঞ্জস্যতা তথা বদঅভ্যাসে৷ পঞ্চাশোৰ্ধব মহিলাই ডায়েটৰ ক্ষেত্ৰত বেছি সচেতন হ’ব লাগে৷ কোনবোৰ খাদ্য শৰীৰৰ কাৰণে উপকাৰী আৰু কোনবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব নালাগে, তাৰ এখন তালিকা প্ৰস্তুত কৰা জৰুৰী৷ৰেড মিট সকলোৰে প্ৰিয় যদিও ৰেড মিট প্ৰায়ে খালে শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যায়৷ যাৰ কাৰণে হৃদৰোগ, ষ্ট্ৰ’কৰ দৰে জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে৷যিকোনো পেকেটজাত খাদ্যত সংৰক্ষণৰ বাবে তাত বেছিকৈ নিমখ আৰু ৰায়াসনিক ব্যৱহাৰ কৰা হয়৷ এই ৰায়াসনিক শৰীৰৰ কাৰণে বিষতুল্য৷ ইয়াৰ উপৰি বেছি মাত্ৰাত নিমখ সেৱন কৰাৰ ফলত ৰক্তচাপ বাঢ়ি যায়, যি ধমনী, মস্তিষ্ক আৰু হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে৷গৰমৰ দিনকেইটাত শীতল পানীয় সকলোৰে প্ৰিয়৷ চিকিৎসকে কোৱা মতে শীতল পানীয়, পেকেটজাত হে’লথ ড্ৰিংকছত যথেষ্ট পৰিমাণে চেনি থাকে, যিয়ে ৰক্ত শৰ্কৰা আৰু কলেষ্টৰেল দুয়োটাই বঢ়াই দিব পাৰে৷ যাৰ ফলত ষ্ট্ৰ’কৰ দৰে প্ৰাণঘাতী অসুখৰ আংশকা বাঢ়ি যায়৷বেছি এলকহল মানেই ফেটি লিভাৰৰ সমস্যা বাঢ়ি যোৱা৷ ইয়াৰ লগতে এই অভ্যাসে শৰীৰত বিভিন্ন ৰোগৰ সম্ভাৱনা বঢ়াই দিব পাৰে৷ তেজত লিপিডৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি থাকিলে মস্তিষ্কৰ ৰক্তনলীৰ ভিতৰত জমা হ’ব পাৰে৷ তেনে ক্ষেত্ৰত ষ্ট্ৰ’’কৰ সম্ভাৱনা বৃদ্ধি পায়৷