৮০ হাজাৰ বছৰৰ পাছত আকাশত বিৰল ধূমকেতু

0
77

ৰাতিৰ আকাশত উপস্থিত হ’ল এক মহাজাগতিক অতিথি৷ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত দেখা গ’ল চি-২০২৩ এ ৩ নামৰ এক ধূমকেতু৷ এই ধূমকেতুটো দেখি উৎফুল্ল হৈছে মহাকাশপ্ৰেমী৷ ৮০ হাজাৰ বছৰৰ পাছত পৃ্‌থিৱীৰ আকাশত দেখিবলৈ পোৱা গ’ল মহাজাগতিক আলোকপিণ্ড৷ বিগত বছৰত আৱিষ্কাৰ হৈ্‌ছিল এই ধূমকেতুটো৷ নাছাৰ তৰফৰ পৰা জনোৱা মতে প্লুটতকৈ বেছি দূৰত্বৰ অৱস্থিত এই ধূমকেতুটো সম্পূৰ্ণ বৰফৰ দেৱালেৰে আবৃত পাহাৰ বা তাতকৈও ডাঙৰ৷ পৃথিৱীৰ পৰা ৭১ মিলিয়ন কিঃমিঃ দূৰত অৱস্থিত এই ধূমকেতুটো দেখা পাইছিল চীন আৰু দক্ষিণ আফ্ৰিকাৰ মানমন্দিৰৰ পৰা৷ এই ধূমকেতুটো পুনৰ দেখা পাবলৈ অপেক্ষা কৰিব লাগিব ৮০ হাজাৰ বছৰ৷ শেষবাৰ দেখাৰ সময়ত এই ধূমকেতুটো পৃথিৱীৰ একেবাৰে ওচৰলৈ আহিছিল৷ এই ধূমকেতুটো বৰফৰ আচ্ছাদনেৰে আবৃত ইয়াৰ ভিতৰভাগত আছে অন্ধকাৰ জৈৱ উপাদান৷ সৌৰজগতৰ গঠন সম্পৰ্কে বিশদ জানিবলৈ এই ধূমকেতুটোৰ ওপৰত নিৰ্ভৰ কৰিছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here