১৫০০ টকাৰ চিলিণ্ডাৰ বিক্ৰী ৫০ হাজাৰত : ক’ত?

0
1863

বৰ্তমান লকডাউনৰ ফলত দোকান বন্ধ থকা বাবে দুৰ্ধৰ্ষ ব্যৱসায়ীজনে তিনিটা অক্সিজেনৰ চিলিণ্ডাৰ চুৰি কৰে আৰু ৫০ হাজাৰ টকাত ব্লেকট বিক্ৰী কৰিবলৈ লয়৷

কৰ’না মহামাৰীৰ এই সংকটৰ সময়ছোৱাত এতিয়া দৈনিক হাজাৰ হাজাৰ লোকে জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে৷ শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত জীৱনক লৈ আৰম্ভ হোৱা বেপাৰৰ কথাও পোহৰলৈ আহিছে৷ যি সময়ত হাস্পতালৰ বিছনাত মানুহে অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে, তেনে সংকটৰ সময়তে এচামে আৰম্ভ কৰিছে অক্সিজেনক লৈ ক’লা বজাৰ৷ প্ৰশাসনৰ হাজাৰ চেষ্টাৰ পাছতো বন্ধ হোৱা নাই এই অবৈধ ব্যৱসায়৷ এনে এক ঘটনা সংঘটিত হয় দিল্লীত৷ অলপতে দক্ষিণ পূব জিলাৰ পুল প্ৰহ্লাদপুৰ থানাৰ আৰক্ষীয়ে এনেকুৱা এগৰাকী ব্যক্তিক কৰায়ত্ত কৰে, যিয়ে এটা অক্সিজেনৰ চিলিণ্ডাৰৰ বিনিময়ত বিচাৰিছিল ৫০ হাজাৰ টকা৷ উক্ত অসাধু ব্যৱসায়ীজন ৰাকেশ কুমাৰ বুলি জানিব পৰা যায়৷ আৰক্ষীয়ে ব্যক্তিজনৰ ঘৰৰ পৰা আৰু তিনিটা অক্সিজেনৰ চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ সোধা-পোছা কৰি জানিব পৰা যায় যে ৰমেশ কুমাৰ নামৰ ব্যক্তিজনে অক্সিজেন আৰু নাইট্ৰজেন বিক্ৰী কৰা দোকানত কাম কৰে৷ তেওঁ হাস্পতাল আৰু ফেক্টৰীতো অক্সিজেন গেছৰ যোগান ধৰি আহিছে৷ কিন্তু বৰ্তমান লকডাউনৰ ফলত দোকান বন্ধ থকা বাবে দুৰ্ধৰ্ষ ব্যৱসায়ীজনে তিনিটা অক্সিজেনৰ চিলিণ্ডাৰ চুৰি কৰে আৰু ৫০ হাজাৰ টকাত ব্লেকট বিক্ৰী কৰিবলৈ লয়৷ কিন্তু দুৰ্ভাগ্যৱশতঃ এনে সময়ত আৰক্ষীয়ে ৰমেশ কুমাৰক তিনিটা চিলিণ্ডাৰসহ আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বৰ্তমান জিলা আৰক্ষীয়ে ৰমেশ কুমাৰৰ বিৰুদ্ধে কেইবাটাও ধাৰা যুগুত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here