হাতৰ জৰিয়তে জানিব পাৰি ছুগাৰ বঢ়াৰ লক্ষণ

0
5

বৰ্তমান সময়ত ডায়েবেটিছ এক জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ নানাধৰণৰ সমস্যাই দেখা দিয়ে৷ ভাৰতত এই ৰোগত আক্ৰান্তৰ সংখ্যা নিতৌ বাঢ়িবলৈ লৈছে৷ মূলতঃ আমাৰ জীৱনযাত্ৰা, খাদ্যাভ্যাসৰ বিসংগতি, পৰিশ্ৰমহীন জীৱন, কম টোপনি, হাই কেলৰি ডায়েট কৰা আদিবোৰে এই ৰোগৰ প্ৰধান কাৰণ৷ ইয়াৰ বাহিৰেও বংশানুক্ৰমিকভাৱে এই ৰোগ হ’ব পাৰে৷ ডায়েবেটিছ ৰোগৰ মূলতঃ দুটা ভাগ হ’ল টাইপ-১ আৰু টাইপ-২৷ টাইপ-১ৰ ক্ষেত্ৰত কম বয়সৰ ক্ষেত্ৰত প্ৰথমাৱস্থাতে হয়৷ এই ক্ষেথ্ৰত শৰীৰক ইনছুলিন প্ৰস্তুত হয়৷ আনহাতে টাইপ-২ ডায়েবেটিছ বয়স বাঢ়িলে হোৱা দেখা যায়৷ এই টাইপ-২ ডায়েবেটিছৰ ক্ষেত্ৰত শৰীৰত ইনছুলিন তৈয়াৰ হ’লেও তাক শৰীৰে ঠিকমতে ব্যৱহাৰ কৰিব নোৱাৰে৷
ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে ডায়েবেটিছ নিউৰোপেথি হ’ব পাৰে৷ এই ক্ষেত্ৰত হাত-ভৰিৰ স্নায়ুৰ ক্ষতি হ’ব পাৰে৷ বিশেষজ্ঞৰ মতে, প্ৰায় ৫০ শতাংশ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই সমস্যা দেখা দিয়ে৷ সাধাৰণতে চাৰি প্ৰকাৰে ডায়েবেটিছ নিউৰোপেথি হয় যদিও ইয়াৰে মনোনিউৰোপেথিৰ ক্ষেত্ৰত জটিল লক্ষণে দেখা দিব পাৰে৷ মনোনিউৰোপেথি ৰোগত হাত দুৰ্বল লগা, হাতৰ জোৰ নোপোৱা, অৱশ হোৱাৰ লগতে হাতৰ গোটেইবোৰ আঙুলি অৱশ হৈ যাব পাৰে৷ ইয়াৰ বাহিৰেও মুখত পেৰালাইচিছ, চকুৰ দৃষ্টিশক্তিত সমস্যা, চকুৰ বিষ আদি লক্ষণেও দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here