সাৱধান! ভাৰতত কৰ’নাৰ আন এটা ভয়াৱহ ভেৰিয়েণ্ট

0
1123

বিজ্ঞানীসকলে কৰ’নাৰ এই ভেৰিয়েণ্টক এন্দুৰৰ গাত প্ৰয়োগেৰে পৰীক্ষা কৰি চাইছিল৷ ইয়াৰ পৰিণাম আছিল আশ্চৰ্যকৰ। বিজ্ঞানীসকলৰ মতে এই ভেৰিয়েণ্ট ইমানেই ভয়াৱহ যে ই মাত্ৰ সাত দিনৰ ভিতৰত ৰোগীৰ শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰে৷

কৰ’না ভাইৰাছে নিজৰ ৰূপ সলনি কৰি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ কৰ’না আন এটা নতুন ভেৰিয়েণ্ট ভাৰতত পোৱা বুলি নিশ্চিত কৰা হৈছে৷ কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট ইমানেই ভয়াৱহ যে সংক্ৰমণ হোৱাৰ সাত দিনৰ ভিতৰত ৰোগীৰ ওজন হ্ৰাস কৰে৷ কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট প্ৰথমে ব্ৰাজিলত পোৱা গৈছিল৷ দেশখনৰ পৰা কৰ’নাৰ এটা ভেৰিয়েণ্ট ভাৰতলৈ অহা বুলি পূৰ্বতে নিশ্চিত কৰা হৈছিল৷ শেহতীয়াকৈ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, ব্ৰাজিলত সংক্ৰমণ হোৱা কৰ’না ভাইৰাছৰ দুটা ভেৰিয়েণ্ট ভাৰতলৈ আহে৷ দ্বিতীয়টো ভেৰিয়েণ্টৰ নাম বি. ১.১.২৮.২৷ বিজ্ঞানীসকলে কৰ’নাৰ এই ভেৰিয়েণ্টক এন্দুৰৰ গাত প্ৰয়োগেৰে পৰীক্ষা কৰি চাইছিল৷ ইয়াৰ পৰিণাম আছিল আশ্চৰ্যকৰ। বিজ্ঞানীসকলৰ মতে এই ভেৰিয়েণ্ট ইমানেই ভয়াৱহ যে ই মাত্ৰ সাত দিনৰ ভিতৰত ৰোগীৰ শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰে৷ ইয়াৰ লগতে ডেল্টা ভেৰিয়েণ্টৰ দৰে বি.১.১.২৮.২ ভেৰিয়েণ্টেও শৰীৰত ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে৷ পুনেৰ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভায়ৰ’লজি চমুকৈ এন আই ভিৰ বিজ্ঞানীসকলৰ মতে, বিদেশৰ পৰা অহা দুজন লোকৰ শৰীৰত বি.১.১.২৮.২ ভেৰিয়েণ্ট পোৱা গৈছে৷ এই ভেৰিয়েণ্টৰ জিনম ছিকুৱেঞ্চিং কৰা হয় আৰু পাছত পৰীক্ষাও কৰা হয়৷ অৱশ্যে ভাৰতত এই ভেৰিয়েণ্ট বৰ বেছিসংখ্যক লোকলৈ সংক্ৰমিত হোৱা নাই৷ এই ভেৰিয়েণ্টৰ ৯টা এন্দুৰৰ শৰীৰত পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে তিনিটাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here