সাৱধান! পৃথিৱীৰ উষ্ণতা তিনি ডিগ্ৰীপৰ্যন্ত বৃদ্ধি পাব

0
1552
জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ পৃথিৱীখনৰ উষ্ণতা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত বৰফ গলি সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্ছতা বৃদ্ধি পাইছে৷ ইয়াৰ ফলত সাগৰতো পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ এটা নতুন গৱেষণাৰ প্ৰতিবেদনত এই কথা প্ৰকাশ  কৰা হৈছে৷ প্ৰতিবেদনখনৰ মতে, ই বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০%ক প্ৰভাৱিত কৰিব৷ উদ্বেগৰ বিষয়টো হ’ল এই প্ৰভাৱ আনকি কম তাপমাত্ৰাতো দেখিবলৈ পোৱা যাব৷ পূৰ্বতে তাপমাত্ৰা অধিক হ’লে ভাবুকিৰ সৃষ্টি কৰিব বুলি কোৱা হৈছিল৷ বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনৰ মডেলৰ ৩০ লাখ কম্পিউটাৰ ৰিজলিউশ্যন প্ৰস্তুত কৰিছিল৷ ইয়াৰে প্ৰায় এক তৃতীয়াংশত ডমিন’ ইফেক্ট দেখিবলৈ পোৱা গৈছিল, তেতিয়া তাপমাত্ৰা বৃদ্ধি উদ্যোগিকীকৰণৰ সময়ৰ তুলনাত ২ ডিগ্ৰী চেলচিয়াছকৈ কম আছিল৷ পেৰিছ সন্ধি অনুসৰি বিশ্বৰ তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি সৰ্বাধিক মাত্ৰা বুলি কোৱা হৈছে৷  বিজ্ঞানীসকলৰ মতে, হিমবাহ গলি যোৱাৰ ফলত আটলাণ্টিক মহাসাগৰৰ সাগৰীয় সোঁতৰ বেগ হ্ৰাস পাইছে আৰু তাৰ প্ৰভাৱ এল-নিনোত পৰিছে৷ ইয়াৰ ফলত বৰ্ষাৰণ্য আমাজনত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ তেওঁলোকে কৰা অধ্যয়নৰ পৰা আৰু জানিব পৰা মতে, গ্ৰীনলেণ্ডৰ বৰফৰ তৰপ গলি মহাসাগৰৰ পানীৰ লগত মিলি গৈছে আৰু ই আটলাণ্টিক মহাসাগৰীয় সোঁতৰ গতি হ্ৰাস কৰিেছে৷  ইয়াৰ লগে লগে উত্তৰ মেৰুত তাপমাত্ৰা বৃদ্ধি পাইছে৷ ইয়াৰ লগতে দক্ষিণ মহাসাগৰৰ তাপমাত্ৰাও বৃদ্ধি পাইছে আৰু দক্ষিণ মেৰুৰ বৰফৰ তৰপ গলি সাগৰৰ পানীত মিহলি হৈছে৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ঘাইকৈ উপকূলীয় অঞ্চলত পৰা দেখা পোৱা গৈছে৷ উপকূলীয় অঞ্চলৰ বিশ্বৰ মুঠ জনসংখ্যাৰ ৪০%, অৰ্থাৎ ২৪০ কোটি লোকে বাস কৰে৷ এই অধ্যয়নটোত বিজ্ঞানীৰ দলটোত নেতৃত্ব দিয়া জনাথন ডানজেছে কয় যে যদিহে গ্ৰীন হাউছ গেছৰ নিৰ্গমণ হ্ৰাস কৰা নহয় তেতিয়া শতিকাটোৰ শেষলৈ বিশ্বৰ উষ্ণতা ৩ ডিগ্ৰী চেলচিয়াছপৰ্যন্ত বৃদ্ধি পাব, কিন্তু তাপমাত্ৰা এক ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হোৱাৰ পৰাই বিৰূপ প্ৰভাৱ দেখিবলৈ পোৱা যাব৷ তাপমাত্ৰা যিমানেই বৃদ্ধি পাব ক্ষতিও সিমানেই বৃদ্ধি পাব বুলি লগতে কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here