বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ পৰা কিছুমান সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে৷ ড্ৰাগছকে ধৰি চৰকাৰী কাৰ্যালয়বোৰত বিভিন্ন কেলেংকাৰী উন্মোচন কৰি ৰাইজৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰিছে৷ চৰকাৰৰ প্ৰতিখন কেবিনেটে জনহিতকৰ আচনি তথা পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ এইবাৰৰ কেবিনেট বৈঠকৰ পাছত কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম এটা হ’ল যে চৰকাৰী পথ বনাওঁতে কাষত থকা গছ কাটিবলগীয়া হ’লে এডাল গছ কটাৰ বিপৰীতে ১০ ডাল গছ ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ চৰকাৰী পথ বা ফ্লাই অ’ভাৰ নিৰ্মাণৰ সময়ত পথৰ কাষত থকা গছ কাটিবলগীয়া হয়৷ এডাল গছ কটাৰ বিপৰীতে দহ ডাল গছ ৰোপণ কৰিব লাগিব৷ এইক্ষেত্ৰত ডি এফ অ’ই গছ ক’ত ৰোপণ কৰিব সেই কথা নিৰ্ধাৰণ কৰিব লাগিব৷ কেবিনেটে জামুগুৰিহাটৰ চকীঘাটত ৪৪টা আত্মসহায়ক গোটক ১০ বিঘাকৈ মুঠ ৪৪০ বিঘা আবণ্টনৰ সিদ্ধান্তত অনুমোদন জনাইছে৷ উল্লেখ্য যে এই স্থানৰ পৰা ৫২টা পৰিয়ালক উচ্চেদ কৰা হৈছিল৷ মাটি আবণ্টন পোৱা আত্মসহায়ক গোটসমূহ খিলঞ্জীয়া লোকৰ দ্বাৰা গঠন হোৱা বুলি উল্লেখ কৰে মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ 



![১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথৰ কেইখনমান বিশেষ মুহূৰ্তৰ স্থিৰ চিত্ৰ৷](https://newshealthplus.com/wp-content/uploads/2025/10/e573a558-7f76-40f3-bca4-bd0aaba329f5-218x150.jpg)