২০২৫ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত নতুন কৰ্কট ৰোগীৰ সংখ্যা ৫৭,১৩১ লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ২০২০ চনত অঞ্চলটোত ৫০,৩১৭জন কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি আনুমানিক হিচাপ কৰা হৈছে৷ বিশ্ব কৰ্কট ৰোগ উপলক্ষে যোৱা ৪ ফেব্ৰুৱাৰীত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ আৰু বেংগালুৰুৰ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ ইনফৰমেটিক্ছ এণ্ড ৰিছাৰ্চ চমুকৈ এন চি ডি আই আৰ-এ প্ৰকাশ কৰা এখন নতুন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ সকলোতে ১১টা পপুলেশ্যন-বেছড্ কেঞ্চাৰ ৰেজিষ্ট্ৰিজে প্ৰস্তুত কৰা কৰ্কট ৰোগৰ তথ্যৰ ভিত্তিত ‘Profile of Cancer and Related Health Indicators in the North East Region of India’ শীৰ্ষক প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে৷
আই চি এম আৰে এটা বিবৃতিত এই কথা কয়৷ প্ৰতিবেদনখনত ২০১২ চনৰ পৰা ২০১৬ চনলৈ অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ সাতখন হাস্পাতাল বেছড্ কেঞ্চাৰ ৰেজিষ্ট্ৰিজৰ পৰা লোৱা তথ্যও দিয়া হৈছে৷ প্ৰতিবেদনখনত উত্তৰ-পূৰ্বাঞ্চলত এই সমস্যাটো কিমান গুৰুতৰ আৰু কিমান বিচিত্ৰ, সেই কথাও দাঙি ধৰা হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে মণিপুৰ আৰু ছিকিমৰ বাদে বাকী আটাইকেইখন ৰাজ্যত মহিলাতকৈ পুৰুষৰ কৰ্কট ৰোগ বেছি৷ পুৰুষসকলৰ খাদ্যনলী আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ বেছি৷ আনহাতে মহিলাসকলৰ স্তন আৰু ছাৰ্ভিক্স ইউটেৰীৰ কৰ্কট ৰোগ বেছি৷ ১০০০ জনসংখ্যাৰ ভিতৰত পুৰুষৰ কৰ্কট ৰোগৰ হাৰ মিজোৰামৰ আইজলত আটাইতকৈ বেছি (২৬৯.৪)৷ প্ৰতি ১০০০ জনসংখ্যাত মহিলা কৰ্কট ৰোগৰ হাৰ আটাইতকৈ বেছি অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত (২১৯.৮)৷ ধঁপাতৰ কাৰণে হোৱা কৰ্কট ৰোগ পুৰুষৰ ক্ষেত্ৰত ৪৯.৩ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ২২.৮ শতাংশ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত চিকিৎসা কৰোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি ছিকিমৰ (৯৫.৫ শতাংশ) আৰু তাৰ পাছত নগালেণ্ডৰ (৫৮ শতাংশ)৷ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ধঁপাত ব্যৱহাৰ কৰা হয় ত্ৰিপুৰাত (৬৪.৫ শতাংশ) আৰু আটাইতকৈ কম ধঁপাত ব্যৱহাৰ কৰা হয় ছিকিমত (১৭.৯ শতাংশ)৷ অঞ্চলটোৰ ৰাজ্যকেইখনৰ লোকসকলোতকৈ অৰুণাচল প্ৰদেশৰ ১৫ বছৰৰ ঊধৰ্বৰ ৫৯ শতাংশ পুৰুষ আৰু ২৬.৩ শতাংশ মহিলাই বেছি সুৰাপান কৰে৷ 

![১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথৰ কেইখনমান বিশেষ মুহূৰ্তৰ স্থিৰ চিত্ৰ৷](https://newshealthplus.com/wp-content/uploads/2025/10/e573a558-7f76-40f3-bca4-bd0aaba329f5-218x150.jpg)