সময়সীমা বান্ধি দিলে ! শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে সেই সময়ৰ ভিতৰত ভেক্‌চিন ল’বই লাগিব

0
1975


কৰ’নাজনিত কাৰণত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ আছিল যদিও বৰ্তমান সকলো শিক্ষানুষ্ঠান খোল খাইছে৷ সেয়ে ৰাজ্যৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে পাঠদান আৰম্ভ নহ’লেও বিদ্যালয়ত উপস্থিত থাকিব লাগিব শিক্ষক-কৰ্মচাৰী৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়পৰ্যন্ত প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰীয়েই নিজৰ কৰ্মস্থলীত উপস্থিত থাকিব লাগিব৷ তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে৷ উল্লেখ্য যে ৬ ছেপ্টেম্বৰৰ পৰা দ্বাদশ শ্ৰেণী আৰু ইয়াৰ ওপৰৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হৈছে৷ অন্য শ্ৰেণীসমূহৰ অফলাইন পাঠদানৰ ক্ষেত্ৰত এইপৰ্যন্ত শিক্ষা বিভাগে কোনো স্পষ্ট নিৰ্দেশনা দিয়া নাই যদিও চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত দিছিল৷ প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ অনলাইন পাঠদানৰো নিৰ্দেশ দিছে শিক্ষা বিভাগে৷ বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতি ডিজিটেল মাধ্যমেৰে সমগ্ৰ শিক্ষা অভিযানৰ জিলা সমন্বয়কে নিৰীক্ষণ কৰিব৷ বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াই এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰতি সপ্তাহত মেইলযোগে সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰেৰণ কৰিব লাগিব৷ এই নিৰ্দেশ দিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে৷ আনহাতে যিসকল শিক্ষক-কৰ্মচাৰীয়ে আজিপৰ্যন্ত এপালিও ভেকচিন লোৱা নাই, সেইসকলক অহা তিনি দিনৰ ভিতৰত অথাৰ্ৎ ১১ ছেপ্টেম্বৰৰ ভিতৰত ভেকচিন লৈ শিক্ষানুষ্ঠানত উপস্থিত হ’বলৈ শিক্ষা বিভাগে কঠোৰভাৱে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here