সমস্ত শৰীৰৰ বিষ, দুৰ্বলতা কিহৰ অভাৱত এনে হয়?

0
2

কেতিয়াবা কামৰ মাজতে শৰীৰ দুৰ্বল লগা, অৱস হোৱা বা অতি ভাগৰুৱা যেন অনুভৱ হয়৷ গোটেই শৰীৰৰ বিষ-বেদনা অথবা শৰীৰৰ অৱস হৈ পৰে৷ তেনে অৱস্থাত কাম কৰিবলৈ মন নাযায়, কেৱল বিছনাত শুই থাকিবলৈ বিচৰা হয়৷ এইধৰণৰ লক্ষণ প্ৰায় ক্ষেত্ৰতে দেখা যায়৷ দিনৰ দিনটো যেন শুই-বহিয়েই সময় কটাব এনে লাগে৷ এনে হোৱাৰ কাৰণ শৰীৰত ভিটামিন-ডি অভাৱৰ ফলত হ’ব পাৰে৷ ভিটামিন-ডিৰ অভাৱত শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ভিটামিন-ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷ এই ভিটামিন-ডি শৰীৰত অভাৱ হ’লে হাড় আৰু মাংসপেশী সংক্ৰান্তীয় সমস্যাই দেখা দিব পাৰে৷ হাড় আৰু মাংসপেশী দুৰ্বল হয় ভিটামিন-ডিৰ নাটনি হোৱাৰ ফলত৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে৷ ভিটামিন-ডিৰ অভাৱত সকলোতকৈ বেছি প্ৰভাৱ পৰে ছাল আৰু চুলিৰ ওপৰত৷ ভিটামিন-ডিৰ অভাৱ হ’লে জইণ্টৰ সমস্যা অথবা অষ্টিঅ’পৰোছিছৰ সমস্যাই দেখা দিব পাৰে৷ সেয়ে ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিবলৈ সূৰ্যৰ পোহৰ সকলোতকৈ ভাল উৎস৷ ইয়াৰ উপৰি সামুদ্ৰিক মাছ, কণী, গাখীৰ, সেউজীয়া শাক-পাচলি আদি নিয়মিতভাৱে খাদ্যৰ তালিকাত ৰখা আৱশ্যক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here