সন্তানক কিমান বয়সৰ পৰা পৃথককৈ বেডৰূম দিয়াটো জৰুৰী

0
12

আপোনাৰ সন্তানক কেতিয়া অৰ্থাৎ কিমান বয়সৰ পৰা পৃথককৈ থকাৰ ব্যৱস্থা ৰাখিব এই কথাটো প্ৰতিগৰাকী পিতৃ-মাতৃয়ে জনাটো প্ৰয়োজন৷ সাধাৰণতে আমি দেখা পাওঁ য়ে ভাৰতীয় সমাজ ব্যৱস্থাত পিতৃ-মাতৃয়ে নিজৰ সন্তানক সদায় নিজৰ লগতে ৰাখে৷ অৰ্থাৎ মাক-দেউতাকে তেওঁলোকৰ সন্তানক সদায় সৰু থকা যেনেই বোধ কৰে৷ একেটা কোঠালিতে বহু ডাঙৰ হোৱাৰ পাছতো পিতৃ-মাতৃৰ লগত যাপন কৰে৷ তেএঁলোকৰ থকাৰ বাবে কোনো সুকীয়া ব্যৱস্থা কৰি নিদিয়ে৷ অৰ্থাৎ ডাঙৰ হ’লেও সন্তানৰ বাবে সুকীয়াকৈ কোনো বেডৰূমৰ ব্যৱস্থা নকৰে৷ বহু ক্ষেত্ৰত অভিভাৱকে নুবুজে যে তেওঁলোকৰ সন্তান ডাঙৰ হৈছে গতিকে পৃথক কোঠাৰ আৱশ্যক৷ কিন্তু এটা নিৰ্দিষ্ট বয়স পাৰ হ’লে সন্তানক আছুতীয়াকৈ পঢ়া-শুনা অথবা শোৱাৰ কোঠা দিয়া অত্যন্ত প্ৰয়োজনীয় বিষয়৷ সন্তানক পৃথকৈ থাকিবলৈ দিলে সিহঁত মানসিকভাৱে শক্তিশালী হয়৷ সাহস বাঢ়ে৷ গতিকে পৰৱৰ্তী সময়ত ভয়, সমস্যা আদিৰ সৈতে মুখামুখি হ’বলৈ নিজক প্ৰস্তুত কৰিব পাৰে৷ আন বিদেশী ৰাষ্ট্ৰত তেওঁলোকৰ সন্তানক এটা নিৰ্দিষ্ট বয়সৰ পাছত সম্পূৰ্ণ স্বাধীনতা দিয়ে, যাতে পাছত সময়খিনিত আনৰ ওপৰত নিৰ্ভৰশীল নলৈ নিজৰ ভৰিত নিজে থিয় দিব পৰা হয়৷ সেয়ে উন্নত দেশবোৰৰ যুৱ প্ৰজন্ম আজি দোপতদোপে উন্নতি কৰিছে, বৰ্তমানৰ লগত খোজ মিলাইছে৷ জানিব পৰা মতে সন্তানক তিনি বছৰৰ পৰাই বেলেগকৈ সুকীয়া কোঠা দিব লাগে৷ অৱশ্যে সেই বয়সত সন্তানে অকলশৰীয়া অনুভৱ কৰিলে সেইটো সুকীয়া কথা৷ পাছত সময়ত যোৱাৰ লগে লগে তেওঁলোকো সেই পৰিৱেশত অভ্যস্ত হয়৷ কিন্তু যিমান পাৰি তাৰ পাছত সুকীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে৷ এই কৰ্মই শিশুহঁতৰ মনোবল শক্তিশালী কৰে৷ কিন্তু ছয় বছৰৰ পাছত পুত্ৰ বা কন্যা সন্তানক পৃথককৈ ৰখা অতি জৰুৰী৷ তেনে বয়সত তেওঁলোকক সুকীয়াকৈ শোৱনি কোঠা দিব লাগে৷ সন্তানক ঘৰখন সুন্দৰভাৱে, পৰিপাটী কৰি ৰাখিবলৈ বুজাব লাগে৷ পঢ়া টেবুল, বিছনাপাতি, লাইব্ৰেৰী আদি সুন্দৰকৈ সজাই-পৰাই নিজক কোঠাত দিব লাগে৷ ইয়াৰ লগতে ঘৰুৱা কাম-বন কৰাৰ অভ্যাসো সৰুতে গঢ় দিব লাগে. যাতে পাছত নিজে নিজৰ সকলো কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here