Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksশিশুৰ মানসিক বিকাশত ওমেগা থ্ৰিৰ ভূমিকাৰ বিষয়ে জানকBy Health Plus - October 3, 2025018Facebook Twitter Pinterest WhatsApp ওমেগা থ্ৰি হ’ল অসম্পৃক্ত চৰ্বি বা আনচেচুৰেটেড ফেট৷ মানৱ দেহৰ খাদ্যৰ বিপাক ক্ৰিয়া আৰু শৰীৰ সুস্থ ৰখাৰ বাবে ইয়াৰ বিকল্প নাই৷ এঘাৰ প্ৰকাৰৰ ওমেগা থ্ৰি থাকে৷ ইয়াৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিবিধ হ’ল ই পি এ, ডি এইচ এ আৰু এ এল এ৷ ই পি এ আৰু ডি এইচ এ প্ৰধানতঃ চৰ্বিযুক্ত মাছৰ দৰে প্ৰাণীজ খাদ্যত পোৱা যায়৷ আৰু এ এল এ পোৱা যায় উদ্ভিদত৷শিশুৰ মনোযোগৰ অভাৱ বা হাইপাৰ একটিভিটি ডিজঅৰ্ডাৰৰ দৰে সমস্যা প্ৰতিৰোধত ওমেগা থ্ৰিৰ ভূমিকা আছে৷ গৱেষণাত দেখা গৈছে যে ইয়াৰ অভাৱ হ’লে শিশুৰ বৃদ্ধিমত্তা, স্মৃতিশক্তি আৰু শিকাৰ আগ্ৰহ কমি যায়৷ সেয়ে শিশুক সৰুৰে পৰা ওমেগা থ্ৰিযুক্ত খাদ্য খাবলৈ দিয়া উচিত৷হাঁপানিৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী সমস্যা, যি প্ৰায়ভাগ শিশুৰ ক্ষেত্ৰতে দেখা যায়৷ ওমেগা থ্ৰি শ্বাসতন্ত্ৰৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ উল্লেখ্য যে ১৮ বছৰকৈ কম বয়সীয়া প্ৰায় চাৰি শতাংশ শিশুৱে বিভিন্ন ক্ষেত্ৰত টোপনিৰ সমস্যাত ভোগে৷ শৰীৰত ওমেগা থ্ৰিৰ মাত্ৰা কম থাকিলে টোপনিৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে৷ ওমেগা থ্ৰি-এ শিশুৰ মস্তিষ্কৰ কাৰ্যকাৰিতা উন্নত কৰিব পাৰে, বিশেষকৈ শিকাৰ ক্ষেত্ৰত৷ ইয়াৰ লগতে শিশুৰ বদ-মেজাজ আৰু বিষণ্ণতা প্ৰতিৰোধত সহায় কৰে আৰু চকুৰ স্বাস্থ্য ভালে ৰাখে ওমেগা থ্ৰি-এ৷