শিক্ষক-শিক্ষাৰ্থী সকলোৱে ভেক্‌চিন লোৱাটো বাধ্যতামূলক: মুখ্যমন্ত্ৰী

0
264
অসম চৰকাৰে ৰাজ্যৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ পূৰ্বে কভিড ভেক্‌চিন প্ৰদান কৰিব৷ অসম চৰকাৰে লোৱা এই সিদ্ধান্তৰ কথা যোৱা ২৪ আগষ্টত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হ’ব৷ প্ৰথমে মেট্ৰিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ পাঠদান হ’ব৷ কিন্তু ইয়াৰ বাবে ১৮ বছৰৰ ওপৰৰ শিক্ষক-শিক্ষাৰ্থী সকলোৱে ভেক্‌চিন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ সেয়ে চৰকাৰে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ পূৰ্বে সকলো শিক্ষক-শিক্ষয়িত্ৰীক ভেক্‌চিন প্ৰদান কৰি সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সুৰক্ষাজনিত কাৰণতে ২ ছেপ্টেম্বৰৰ পৰা শিক্ষকসকলক ভেক্‌চিন দিবলৈ আৰম্ভ কৰিব বুলিও কয়৷ ৰাজ্য চৰকাৰে ইতিমধ্যে কেন্দ্ৰৰ পৰা ১২ লাখ ভেক্‌চিন লাভ কৰাৰ কথাও তেওঁ সদৰী কৰে৷  ইফালে গুৱাহাটীত ৰাজ্যৰ প্ৰথমখন চৰকাৰী কভিড পৰৱৰ্তী জটিলতাৰ চিকিৎসা কৰিবৰ বাবে কালাপাহাৰত নিৰ্মাণ কৰা হৈছে৷ কভিডৰ পাছত হোৱা জটিলতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই হস্পিটেলখন আৰম্ভ কৰাৰচিন্তা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here