বয়সৰ আগে আগ বহুতৰে শৰীৰলৈ বাৰ্ধক্য আহি যায়৷ অতি কম বয়সতে মুখৰ ছাল কোঁচ খাই বুঢ়া যেন দেখায়৷ ছালখন তৰুণ কৰি ৰাখিবলৈ বা মুখত বয়সৰ চাপ নপৰবিলৈ বিভিন্ন উপায় অৱলম্বন কৰা হয় যদিও আমি খোৱাৰ কিছুমান খাদ্য বা পাচলিৰ জৰিয়তেও এই সমস্যা ৰোধ কৰিব পৰা যায়৷ মুখত পৰা বলিৰেখাৰ সমস্যা নিৰাময় তথা মুখৰ ছালৰ সুস্থতা আৰু বহু বয়সতো ছালখন তৰুণ কৰি ৰাখিবলৈ অমিতা খোৱাৰ অভ্যাস কৰিব পাৰে৷ অমিতাই ছালৰ তাৰুণ্য ভাব ধৰি ৰখাত সহায় কৰে৷ নিয়মিতভাৱে অমিতা খালে পঞ্চাশ বছৰতো তৰুণ হৈ থাকিব৷ অমিতাত পেপেইন নামৰ এনজাইম পোৱা যায়, যিয়ে কোলাজেন উৎপাদন বঢ়ায়৷ এই কোলাজেনে ছালখন টান টান ভাব ধৰি ৰাখি ছালৰ ঔজ্বল্য ভাব বৰ্তাই ৰাখে৷ অমিতত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি ছালখন মইশ্বৰাইজ কৰি ৰাখে তথা ছালৰ পুষ্টিৰ যোগান ধৰে৷ ইয়াৰ ফলত ছালখনৰ বাৰ্ধক্যৰ প্ৰক্ৰিয়া ধীৰ হয়৷ অমিতাই ছালৰ ৰং উজ্জ্বল কৰা, ছালৰ পুৰণি কোষ দূৰ কৰা তথা ছালখন মোলায়েম তথা ছালৰ সজীৱতা ধৰি ৰখাত সহায় কৰে৷ অমিতাত ভিটামিন-এ থাকে বাবে ছালখন নৰম, হাইড্ৰেট তথা ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে৷ অমিতাত থকা ভিটামিন-চি আৰু লাইকোপিনৰ দৰে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালৰ বলিৰেখা পৰাত বাধা দিয়ে৷ মুখৰ দাগ, ব্ৰুনৰ সমস্যা তথা ব্লেকহেডছৰ সমস্যা সমাধান কৰাত অমিতাই সহায় কৰে৷ ছালখনক এক্সফোলিয়েট কৰি ৰাখে তথা ছালৰ ছিদ্ৰবোৰ মুকলি কৰাত সহায় কৰে৷