যোগব্যায়ামৰ বিভিন্ন ধৰণ কিদৰে আৰম্ভ কৰিব

0
188

যোগব্যায়ামৰ বিভিন্ন ধৰণ আছে৷ মানুহে এইবোৰ ধৰণৰ কাৰ্যকাৰিতা জানি অথবা উপযোগিতা জানি কৰিলে সুফল পাব পাৰি৷ আপুনি যোগব্যায়ামৰ যিকোনো ধৰণ পচন্দ কৰিব পাৰে আৰু সেইমতে আৰম্ভ কৰিব পাৰে৷ যোগৰ বিভিন্ন ভিতৰত কেইটামান ধৰণ সম্পৰ্কে তলত কোৱা হ’ল৷
Kripalu Yoga– খুব ধীৰ-স্থিৰ ব্যায়াম প্ৰণালীবোৰক এই ধৰণত অন্তৰ্ভুক্ত কৰা হয়৷ যিসকলৰ শৰীৰৰ ফ্লেক্সিবিলিটি কম, তেওঁলোকে এই ধৰণৰ যোগব্যায়ামৰ উপযোগিতা পাব পাৰে৷
Restroactive Yoga– কোনো দৈহিক পৰিশ্ৰমযুক্ত ব্যায়াম এই প্ৰণালীত অন্তৰ্ভুক্ত৷ এই প্ৰণালীয়ে শৰীৰৰ ৰিলাক্সচেশ্যনৰ ওপৰত জোৰ দিয়ে৷
Hatha Yoga– শ্বাস-প্ৰশ্বাসৰ বিভিন্ন ধৰণ বা প্ৰাণায়াম শিকিব পাৰে এই প্ৰণালীৰ জৰিয়তে৷ সাধাৰণতে এই প্ৰণালী দেশ-বিদেশত বহুলভাৱে প্ৰচলিত৷
Bikram Yoga– এটা গৰম ঘৰৰ ভিতৰত এই প্ৰণালীৰ অন্তৰ্ভুক্ত ব্যায়ামবোৰ কৰা হয়৷ প্ৰায় চাৰি ধৰণৰ ব্যায়াম আছে এই প্ৰণালীত৷
Asthanga Yoga– এই যোগব্যায়ামৰ জৰিয়তে দৈহিক শক্তিৰ বৃদ্ধি ঘটে আৰু শৰীৰৰ শক্তিশালী হৈ উঠে৷
Iyengar Yoga– এই প্ৰণালীত শৰীৰৰ এলাইনমেণ্টৰ ওপৰত বেছি জোৰ দিয়া হয়৷
যোগব্যায়াম শিকাটো এতিয়া সহজলভ্য হৈ পৰিছে৷ আনহাতে যোগব্যায়াম আৰম্ভ কৰাৰ আগতে আপুনি জনা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনটো যোগব্যায়াম প্ৰণালী আপোনাৰ কাৰণে সঠিক তথা উপযুক্ত৷ যাতে আপুনি আপোনাৰ বাবে সঠিক ধৰণটো নিৰ্বাচন কৰি যোগশাস্ত্ৰৰ উপযোগিতা আৰু ইয়াৰ সুফলতা লাভ কৰিব পাৰে৷ যোগব্যায়াম আচলতে নিজৰ ওপৰত নিজেই নিয়ন্ত্ৰণ নেহেৰুৱাৰ শাস্ত্ৰ৷ সেয়া লাগিলে শৰীৰৰ জৰা-ব্যাধিয়ে হওক বা মনৰ অশান্তি৷ সেয়ে যোগ সাধনাৰ জৰিয়তে এবাৰ নিজৰ আত্মাৰ মালিক নিজে হৈ দেখুৱাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here