মৰ্মান্তিক ! বিষাক্ত ঘাঁহ খাই ২০টাৰো অধিক গৰুৰ মৃত্যু

0
981
কিছুদিন আগতে তপতজুৰি পাহাৰত ১৮টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ যোৱা ১৬ জুনৰ দিনা নগাঁও জিলাৰ বঢ়মপুৰৰ অন্তৰ্গত শুকানজুৰি চাহ বাগিচাত ২০টাৰো অধিক গৰু মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, শুকানজুৰি চাহ বাগিচা কতৃৰ্পক্ষই বাগিচাখনৰ অপতৃণ মাৰিবৰ বাবে বিষাক্ত ঔষধ প্ৰয়োগ কৰিছিল আৰু বাগিচাৰ চাৰিওফালে ছটিয়াইছিল৷ কিছুদিন ধৰি ছটিওৱা এই ঔষধযুক্ত ঘাঁ-বন খাই এনেদৰে কুৰিটাৰো অধিক গৰুৰ কৰুণভাৱে মৃত্যুমুখত পৰে৷ এইদৰে বিষাক্ত ঘাঁই খাই গৰুৰ মৃত্যু হোৱাৰ ঘটনাত গৰুৰ গৰাকীক মৰ্মাহত হৈ পৰাৰ লগতে বাগিচা কতৃৰ্পক্ষক এনে অবিবেচকী-কাণ্ডৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে৷ ইফালে অঞ্চলটোৰ কেইবাটাও স্থানীয় দল-সংগঠনে ঘটনাস্থলীত উপস্থিত হৈ বিষাক্ত ঘাঁ খাই কিমানটা গৰুৰ মৃত্যু হৈছে তাৰ হিচাপ ৰাখি গো-পালকসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে লগতে বাগিচা কতৃৰ্পক্ষৰ বিৰুদ্ধে উচ্ছ পৰ্যায়ৰ তদন্ত কৰি চৰকাৰ-প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ উল্লেখ্য যে ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম পাৰঘাট আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here