Daily newsFitness PlusHealth NaturallyHealth Talksমূত্ৰথলীৰ কেঞ্চাৰ কিয় হয়? ইয়াৰ লক্ষণ আৰু চিকিৎসাBy Health Plus - September 16, 202502Facebook Twitter Pinterest WhatsApp মূত্ৰনলীৰ কেঞ্চাৰ হৈছে মূত্ৰনলীৰ অভ্যন্তৰত অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ ফলত গঠিত টিউমাৰ, যি লাহে লাহে শৰীৰৰ অন্য অংশলৈও বিয়পি যায়৷ এই টিউমাৰ সাধাৰণতে মূত্ৰথলীৰ ভিতৰৰ যি পাতল আস্তৰণ ইউৰোথেলিয়াম থাকে, তাৰ ভিতৰৰ পৰা আৰম্ভ হয়৷ মূত্ৰথলীৰ কেঞ্চাৰ হোৱাৰ আঁৰত কিছুমান কাৰণ থাকে৷ ধূমপান মূত্ৰথলীৰ কেঞ্চাৰ হোৱাৰ অন্যতম কাৰণ৷ যিসকলে ধূমপান, পাণ মছলা, চাদা, বিড়ি সেৱন কৰে, তেওঁলোকৰ ক্ষেত্ৰত মূত্ৰথলীৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি৷ আনহাতে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শত থাকিলে এই কেঞ্চাৰৰ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ যেনে– ডাই ফেক্টৰী, ৰাবাৰ ফেক্টৰী, চামৰাৰ ফেক্টৰী, প্লাষ্টিক, পেট্ৰ’লিয়াম পণ্যৰ কাৰখানাত যিসকলে দীৰ্ঘদিন কাম কৰে, তেওঁলোকৰ মূত্ৰথলীৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে৷ মূত্ৰথলীত যিসকলৰ দীৰ্ঘকালীন সংক্ৰমণ থাকে, বাৰে বাৰে সংক্ৰমণ হয়, তেওঁলোকৰ মূত্ৰথলীৰ কেঞ্চাৰ হ’ব পাৰে৷ প্ৰস্ৰাৱ কৰিবলৈ বিভিন্ন সমস্যা তথা ৰোগৰ বাবে বহুতেই দীৰ্ঘদিন কেথেটাৰ ব্যৱহাৰ কৰাৰ কাৰণেও মূত্ৰথলীৰ কেঞ্চাৰ হ’ব পাৰে৷মূত্ৰথলীৰ কেঞ্চাৰৰ লক্ষণৰ ভিতৰত প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা, ঘন ঘন প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰা, তলপেটৰ বিষ অনুভৱ হোৱা, কেতিয়াবা তেজ জমি প্ৰস্ৰাৱ বন্ধ হৈ যায়৷সাধাৰণতে মূত্ৰথলীৰ কেঞ্চাৰৰ চিকিৎসা হৈছে অস্ত্ৰোপচাৰ৷ পৰীক্ষা-নিৰীক্ষাত যদি দেখা যায় টিউমাৰ সৰু, কেঞ্চাৰৰ যদি প্ৰাথমিক পৰ্যায়ত থাকে, সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰি মূত্ৰাশয়ৰ টিউমাৰ অপসাৰণ কৰা হয়৷ টিউমাৰ যাতে আৰু বৃদ্ধি নহয়, তাৰ বাবে প্ৰস্ৰাৱৰ থলীত ইনজেকশ্যন দিয়া হয়৷ কেতিয়াবা কেম’থেৰাপী দিয়া হয়৷ মাইটোমাইচিন ঔষধ আৰু বি চি জি ভেকচিন দি ৰোগীক ইমিউনোথেৰাপী দিয়া হয়৷