মানৱ বিকাশত প্ৰাচীন ভাইৰাছৰ ডিএনএৰ ভূমিকাক লৈ আশ্চৰ্যকৰ তথ্য

0
2

মানৱ জিনম তেইছ জোৰ ক্ৰমোজমেৰে গঠিত৷ কিন্তু চমকপ্ৰদভাৱে আমাৰ ডি এন এৰ প্ৰায় আঠ শতাংশ আচলতে প্ৰাচীন ভাইৰাছৰ অৱশিষ্টাংশ, যিবোৰ লাখ লাখ বছৰ আগেয়ে আমাৰ পূৰ্বপুৰুষৰ দেহত সংক্ৰমণ ঘটি জিনত স্থায়ীভাৱে বহি গৈছে৷ এই ভাইৰাছজাত জিন আছে ডি এন এৰ এনে অংশত, যিবোৰক কোৱা হয় ট্ৰান্সপোজেবল এলিমেণ্ট বা লাফানো জিন৷ নতুন এক গৱেষণাত দেখা গৈছে যে এই টি ই এছ ভাইৰাছজাত মানৱ ভ্ৰূণৰ প্ৰাথমিক বিকাশ আৰু মানৱ বিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই গৱেষণাটো ছায়েন্স এডভান্স জাৰ্নালত¸ প্ৰকাশিত হৈছে৷ গৱেষণাৰ নেতৃত্ব দিছে চীনৰ জীৱবিজ্ঞানী ড॰ চুন চেনে৷ উল্লেখ্য যে যেতিয়া আমাৰ প্ৰাইমেট পূৰ্বপুৰুষে ভাইৰাছত আক্ৰান্ত হৈছিল, তেতিয়া সেই ভাইৰাছবোৰ জিনগত তথ্য ক্ৰমোজমত প্ৰৱেশ কৰে৷ সময়ত লগত সেই ভাইৰাছবোৰ নিষ্ক্ৰিয় হৈ পৰে আৰু সেয়ে ডি এন এত ৰৈ যায় আৰু লাহে লাহে মানৱ জিনমৰ অংশ হৈ পৰে৷ এতিয়া এই ভাইৰাছ-ডি এন এ বহু সময়ত জিন এক্সপ্ৰেশ্যন বা জিন সক্ৰিয় তথা বন্ধ কৰা নিয়ন্ত্ৰণত সহায় কৰে৷ গৱেষকে সদৰী কৰিছে যে এইধৰণৰ ভাইৰাছজাত ডি এন এয়ে আমাৰ মানৱ ৰোগৰ কাৰণ, জিনগত বৈশিষ্ট্য আনকি নতুন জিন থেৰাপীৰ পথ আৱিষ্কাৰ কৰিব পাৰে৷ গৱেষণাত উল্লেখ কৰা হৈছে যে গ্ৰীনলেণ্ড চাৰ্কৰ জিনমত সত্তৰ শতাংশৰ বেছি টি ই এছ আছে, যিবোৰ মানুহৰ ক্ষেত্ৰত ইয়াৰ পঞ্চাশ শতাংশৰো কম৷ যদিও চাৰ্ক আৰু প্ৰাইমেটৰ জিন সুকীয়া, তথাপি এই তুলনাই দেখায় যে টি ই এছ জিনম ৰেগুলেশ্যনে গভীৰ প্ৰভাৱ পেলাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here