Daily newsমানৱ দেহত তৈয়াৰ হৈছে অদৃশ্য শক্তি : জানিলে অবাক হ’বBy Health Plus - September 16, 202501Facebook Twitter Pinterest WhatsApp জাংক ডি এন এ হ’ল সেই ডি এন এৰ অংশ, যি প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোজ নকৰে আৰু যাৰ কাৰ্যকাৰিতা এতিয়াও সম্পূৰ্ণৰূপে জনা নাযায়৷ ইয়াক একপ্ৰকাৰ নিষ্প্ৰয়োজনীয় বুলি মন কৰা হয়, কিন্তু বিজ্ঞানীয়ে এতিয়া বুজিব পাৰিছে যে ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে৷ যেনে– জিন এক্সপ্ৰেশ্যন নিয়ন্ত্ৰণ কৰা৷ জাংক ডি এন এ হ’ল নন-কোডিং ডি এন এ, যাৰ অৰ্থ হ’ল এটা প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে নিৰ্দেশাৱলী ধাৰণ নকৰে৷ মানৱ জিনমৰ এটা বিশাল অংশ [প্ৰায় ৯৮ শতাংশ] জাংক ডি এন এৰে গঠিত৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে জিন নিয়ন্ত্ৰণ, কোষৰ গঠন আৰু ৰোগৰ বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ জাংক ডি এন এত আছে ছিউডোজিন, ট্ৰান্সপোজন আৰু ভাইৰাল ছিকোয়েন্স৷ জাংক ডি এন এৰ ভূমিকাই মানুহ ৰোগ আৰু বিৱৰ্তন সম্পৰ্কে আৰু ভালদৰে জনাত সহায় কৰিব পাৰে৷ এই ডি এন একলৈ এইবাৰ নতুন তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পৰা দেখা গৈছে এই ডি এন এ মানুহৰ দেহত বিৰাট পৰিৱৰ্তন আনিব পাৰে৷ যদি দেহত হঠাতে কোনো ৰোগে দেখা দিব পাৰে, তেনেহ’লে তাক প্ৰতিৰোধ কৰিব পাৰে ডি এন এয়ে৷ ইমানদিন ধৰি জনা মতে দেহৰ প্ৰধান গঠন হয় ডি এন এৰ দ্বাৰা৷ এইবাৰ নতুন এই জাংক ডি এন এ যে নীৰৱে নিজৰ কাম কৰি আছে, েসইটো সকলোৰে সন্মুখলৈ আহিছে৷ ডি এন এ ডিঅক্সিৰাইবোনিউক্লিক এচিডৰ সংক্ষিপ্ত ৰূপ৷ এটা এটা অণু, যি জীৱন্ত প্ৰাণীৰ কোষত পোৱা যায়৷ আৰু ইয়াত জেনেটিক তথ্য থাকে৷ এইটো বংশগতিৰ ধাৰক আৰু কোষত প্ৰ’টিন প্ৰস্তুতৰ বাবে নিৰ্দেশাৱলী সৰবৰাহ কৰে৷ ডি এন এ পৰীক্ষা বিি্ভন্ন উদ্দেশ্যত কৰা হয়৷ যেনে– পিতৃত্ব নিৰ্ধাৰণ, ৰোগ নিৰ্ণয় আৰু ফৰেনচিক তদন্ত৷ কিছুমান ৰোগৰ বাবে দায়ী জিন ডি এন এত থাকে৷ ডি এন এ চিকুয়েন্সিং আৰু টেষ্টিঙৰ মাধ্যমেৰে এই ৰোগবোৰ নিৰ্ণয় কৰা হয় আৰু কিছুমান ক্ষেত্ৰত চিকিৎসা কৰাও সম্ভৱ৷ আনহাতে ডি এন এ পিতৃ-মাতৃৰ পৰা সন্তানলৈ আহে, যিটো বংশবৃদ্ধিৰ মূল ভিত্তি৷