মাছৰ সৈতে পালেং শাক কেৱল এক জুতি নহয়– ই মহৌষধ

0
1442

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰে পৰা অসমীয়া লোক সমাজত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে৷ এই খাদ্য সামগ্ৰীবিলাক পৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ৷ এনে ঔষধি গুণসম্পন্ন বনশাকবোৰৰ ভিতৰত পালেং শাক অন্যতম৷ পালেং শাক খাই ভাল নোপোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি৷ ইয়াক কেঁচা চাটনি হিচাপে খোৱাৰ উপৰি আঞ্জা বনাই খোৱা হয়৷ শ’লমাছৰ লগত পালেং শাক আৰু ফুলকবিৰ আঞ্জাখনৰ সোৱাদেই সুকীয়া৷ ইয়াৰ বৈজ্ঞানিক নাম Spinacia oleracea৷ ই প্ৰায় ৩০ চেণ্টিমিটাৰপৰ্যন্ত ওখ হয়৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰন, ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, প্ৰ’টিন, খনিজ লৱণ আদি পোৱা যায়৷ লোৰ এক প্ৰধান উৎস হৈছে পালেং৷ সেইকাৰণে ৰক্তহীনতাত ভোগা ৰোগীয়ে পালেং শাক খোৱাটো জৰুৰী৷ কাহ-কফজনিত ৰোগত পালেং শাকৰ জোল গৰম কৰি খালে সুফল পোৱা যায়৷ দেহত অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খাব লাগে৷ পালেং শাকে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বিশেষকৈ ইয়াত থকা বিটা কেৰ’টিনে কৰ্কট ৰোগীৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ যিয়ে হাড় আৰু দাঁত মজবুত কৰে লগতে দেহৰ বিষ নাশ কৰে৷ হিমগ্লবিন বৃদ্ধি কৰাত পালেং শাকে যথেষ্ট অৰিহণা যোগায়৷ শৌচ খোলোচা নহ’লে বা শৌচ কমকৈ ঘনাই হ’লে পালেং শাকৰ জোল খাব লাগে৷ এজমা ৰোগীয়ে পালেং শাকৰ জোলত অকণমান ক’লা নিমখ আৰু জালুকৰ গুড়ি দি খাব লাগে৷ জণ্ডিচ ৰোগীৰ লগতে প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা থকাসকলেও পালেং শাকৰ জোল খাব লাগে৷ সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব নুই কৰিব নোৱাৰি৷ ই ছাল কোমল কৰাৰ লগতে ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here