Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksমদ্যপান কৰিলে এইবোৰ ঔষধ খোৱা উচিত নহয়By Health Plus - September 15, 202503Facebook Twitter Pinterest WhatsApp মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এনে বহু লোক আছে গোটেই নিশা পাৰ্টিত মদ্যপান কৰে৷ মদ্যপান কৰাৰ পাছতহে মনত পৰিল যে তেওঁৰ নিশাৰ মেডিচিন খোৱা নহ’ল৷ আৰু তাৰ পিছ মুহূৰ্ততে তেওঁ খাবলগীয়া ঔষধবিধ সেৱন কৰে৷ ইয়াৰ পাছতে আৰম্ভ হয় শাৰীৰিক সমস্যাৰ৷ মদ্যপান কৰি থাকিলে যিকোনো ঔষধ সেৱন কৰিলে বিপদ ঘটাব পাৰে৷ এলকহলৰ সৈতে কিছুমান ঔষধৰ একেবাৰেই সংযোগ নহয়৷ দুয়োবিধৰ মিশ্ৰণৰ ফলত বিপদৰ শংকা যথেষ্ট থাকে৷ গুৰুতৰ স্বাস্থ্য সমস্যা থাকিলে মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ সেয়ে কোনবোৰ ঔষধ মদ্যপান কৰাৰ সময়ত খোৱা উচিত নহয়, সেয়া জানি থোৱা ভাল৷ এনে কিছুমান ঔষধ আছে, যাৰ লগত এলকহলৰ বিক্ৰিয়াত মাৰাত্মক পাশ্বৰ্প্ৰতিক্ৰিয়া হ’ব পাৰে৷ হয় ঔষধৰ গুণমান কমি যাব পাৰে, নহ’লে নতুন উপাদান সৃষ্টি কৰিব পাৰে, যি শৰীৰৰ কাৰণে বিষ৷কোডিন, অক্সিকোডন, মৰফিন, ফেণ্টানিল, আইবুপ্ৰোফেন জাতীয় ঔষধ মদ্যপান কৰাৰ সময়ত কেতিয়াও নাখাব৷ ইয়াৰ উপৰি অ’পিয়ডছ জাতীয় ঔষধ এলকহলৰ সৈতে বিক্ৰিয়া কৰি শ্বাসযন্ত্ৰৰ ক্ষতি কৰিব পাৰে৷ মদৰ সৈতে এইধৰণৰ ঔষধ খালে শ্বাসকষ্ট বাঢ়ি হৈ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে৷ এছপিৰিনজাতীয় ঔষধ এলকহলৰ সৈতে মিহলি হৈ পেটৰ বিষ, আলচাৰৰ সমস্যা হ’ব পাৰে৷ মদ্যপান কৰাৰ সময়ত যদি এণ্টিবায়’টিক খায়, তেনেহ’লে লিভাৰৰ চৰম ক্ষতি হ’ব পাৰে৷ যিসকলে নিয়মিত তেজ পালত হোৱাৰ ঔষধ খায়, তেওঁলোকে মদ্যপান কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ কাৰণ এইধৰণৰ ঔষধে এলকহলৰ সৈতে মিহলি হৈ তেজ সৰবৰাহত বাধাৰ সৃষ্টি কৰিব পাৰে৷ যিসকলে ডায়েবেটিছ ৰোগীয়ে ইনছুলিন লয়, তেনে ক্ষেত্ৰত মদ্যপান আপোনাৰ বাবে ক্ষতিকৰ৷ ইনছুলিনৰ কাৰ্যক্ষমতা কমাই দিব পাৰে৷ হাইপাৰটেনশ্যন, কলেষ্টৰেল বৃদ্ধিৰ বাবে যিসকলে নিয়মিত ঔষধ সেৱন কৰে, তেওঁলোকে ঔষধ চলাকালীন মদ্যপান কৰিলে ৰক্তচাপ হঠাতে কমি যাব পাৰে৷ কলেষ্টৰেল সমস্যা থাকিলে মদ্যপান কৰিলে লিভাৰ ছিৰোছিছৰ আশংকা থাকে৷ জোলপিডেম, এছজোপিক্লোনৰ দৰে টোপনিৰ ঔষধ খালে মদ্যপান একেবাৰেই নকৰিব৷ এই ঔষধ খোৱাৰ ফলত স্মৃতিশক্তি লোপ পায়, আনকি সংজ্ঞাহীন হোৱাৰ সম্ভাৱনা থাকে৷