ভৰিত লুকাই আছে আন এটা হৃদপিণ্ড! ৰহস্য জানিলে অবাক হ’ব আপুনিও

0
10

আমি সকলোৱে জানো যে হৃদযন্ত্ৰ আমাৰ শৰীৰৰ প্ৰধান ৰক্তপাম্প৷ কিন্তু আপুনি এইটো জানেনে যে আমাৰ ভৰিৰ কাফ মাছল বা ভৰিৰ পেশীবোৰক দ্বিতীয় হৃদয় বুলি কোৱা হয়৷ এইটো কোনো ৰূপকথা নহয়, বৰং শৰীৰবিজ্ঞানভিত্তিক এক বাস্তৱ সত্য৷ চলা-ফিৰা, ছিৰিৰে ওপৰলৈ কোজ কঢ়া বা নমা, ওখ ঠাই বগোৱা, খোজকঢ়াৰ সময়ত এই কাফ মাছলবোৰ সংকুচিত হৈ এক বিশেষ প্ৰক্ৰিয়াৰে তেজক ওপৰৰ ফালে ঠেলি দিয়ে৷ এই ৰক্ত চলাচলৰ গতি নিয়ন্ত্ৰণ কৰে ভৰিত থকা বিশেষ হৃদপিণ্ড অৰ্থাৎ পেশীবোৰেৰে ঘূৰি অহা তেজৰ প্ৰবাহ, যিয়ে আমাৰ সামগ্ৰিক ৰক্ত সংবহনতন্ত্ৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিশেষজ্ঞৰ মতে এই দ্বিতীয় হৃদয়ৰ কাৰ্যকাৰিতাই শৰীৰক একাধিক উপকাৰ সাধন কৰাৰ লগতে সিৰাৰ জৰিয়তে তেজ চলাচলত সহায় কৰে৷ ভৰিত তেজ জমাত বাধা বা ভৰি গধুৰ গধুৰ লগা দূৰ হয়৷ ফুলা ভাব, ভৰিৰ বিষ আনকি ভেৰিকোজ সিৰা প্ৰতিৰোধতো সহায় কৰে৷ ডিপ ভেইন থ্ৰম্বোছিচৰ সম্বাৱনা হ্ৰাস পায়৷ এই প্ৰক্ৰিয়াটো সম্ভৱ হয় কাফ মাছল বা সিৰাৰ ভিতৰৰ ভালভৰ সামুহিক কৰ্মক্ষমতাত৷ এই ভালভবোৰে তেজক পুনৰ ঘূৰি অহাৰ বাধা দিয়ে৷ যাৰ ফলত তেজ ঢাপে ঢাপে ওপৰলৈ দিশে গতি কৰাত সুবিধা হয়৷ দীৰ্ঘক্ষণ বহি থকা বা এটা ঠাইতে নিৰ্দিষ্টকৈ স্থিৰ থকা আদিবোৰে আমাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷ বৰং নিয়মিত খোজকঢ়া, চলা-ফিৰা কৰা বা লঘু ষ্ট্ৰেচিং আদিয়ে এই দ্বিতীয় হৃদয়ক সচল ৰাখে আৰু আমাৰ সাৰ্বিক ৰক্ত চলাচল কাৰ্যকৰ ৰাখে৷ মনত ৰখা ভাল যে প্ৰতিটো পদক্ষেপেই মাত্ৰ ভৰিৰ যতনেই নহয়, আপোনাৰহৃদয়ৰ পক্ষেও এক আশীৰ্বাদ৷ সেয়ে ভৰিৰ সঠিক যত্ন লৈ হৃদয়ৰ সুৰক্ষা নিশ্চিত কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here