Diet PlusFitness PlusHealth NaturallyHealth Talksভেঁকুৰী তিতাৰ উপকাৰিতাৰ বিষয়ে জানো আহকBy Health Plus - April 26, 202502Facebook Twitter Pinterest WhatsApp আমাৰ খাদ্যৰ সৈতে টেঙা, তিতা, খাৰ আদি খোৱাটো প্ৰয়োজন৷ বিশেষকৈ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে খাদ্যৰ সৈতে তিতা খোৱাটো খুবেই জৰুৰী৷ তেনে এবিধ খাদ্যৰ ভিতৰত ভেঁকুৰী তিতা অন্যতম৷ ভেঁকুৰী তিতা বহল পাতেৰে গুল্মজাতীয় উদ্ভিদ৷ ওখই প্ৰায় ২-৩ মিটাৰ পৰ্যন্ত হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ছ’লানাম টুৰভাম [ Solanum torvum]৷ ভেঁকুৰী তিতাত ভিটামিন, প্ৰ’টিন, ফেট, কেলচিয়াম, আইৰন, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়৷ ই মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী৷ বিশেষকৈ, ভেঁকুৰী তিতাই শিশুৰ কৃমি নাশ কৰাৰ লগতে বিভিন্ন ৰোগ নাশ কৰিব পাৰে৷ ভেঁকুৰী তিতা খালে হূদৰোগ নিৰাময় কৰিব পাৰে৷ কাহ-কফজনিত ৰোগ নিৰাময় কৰাত ভেঁকুৰী তিতা অত্যন্ত দৰকাৰী৷ ই বসন্ত ৰোগ প্ৰতিৰোধ কৰে৷ পিত্ত ৰোগীয়ে ভেঁকুৰীৰ শিপা, জালুক আৰু নিমখ ভালদৰে মিশ্ৰণ কৰি খালে ৰোগ উপশম হয়৷ অৰুচি হ’লে ভেঁকুৰী তিতাই ঔষধৰ কাম কৰে৷ চকুত কেনেবাকৈ জলকীয়া লাগিলে ভেঁকুৰী তিতা চকুৰ পতাত সানিলে জ্বলা-পোৰা নিৰাময় হয়৷ সেয়েহে আহকচোন এনে এবিধ ঔষধি গুণবিশিষ্ট খাদ্য খাদ্য তালিকাত ৰাখি শৰীৰৰ নিৰোগী কৰি ৰাখো৷