ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২ কোটিলৈ বৃদ্ধি

0
948

ইয়াকে ধৰি এই ৰোগত এইপৰ্যন্ত ২,২৬,১৮৮জন লোকৰ মৃত্যু হৈছে

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে সংহাৰ ৰূপ অব্যাহত ৰাখিছে৷ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ বাবে দেশখনত সংক্ৰমিতৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি যোৱা ৫ মে'ত দেশত মুঠ ৩,৮২,৩৫১জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷ ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংক্ৰমণ হোৱা মুঠ লোকৰ সংখ্যা দুই কোটিৰ অধিক হয়গৈ৷ যোৱা ৫ মে'ত দেশত এই ৰোগত আক্ৰান্ত হৈ ৩,৭৮০জন লোকৰ মৃত্যু হয়৷ ইয়াকে ধৰি এই ৰোগত এইপৰ্যন্ত ২,২৬,১৮৮জন লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি দেশত এই ৰোগত মুঠ ২,০৬,৬৫,১৪৮জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ১,৬৯,৫১,৭৩১জন লোকে আৰোগ্য লাভ কৰিছে৷ আনহাতে আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ হ’ল ৮১.৯১%৷ মৃত্যুৰ হাৰ হৈছে ১.১০%৷ উল্লেখযোগ্য যে কৰ’নাৰ দ্বিতীয়টো ঢৌৰ ফলত দেশত মাত্ৰ ৪-৫ মাহতে সংক্ৰমণ হোৱা লোকৰ সংখ্যা এক কোটিৰ পৰা দুই কোটিলৈ বৃদ্ধি পালে৷ যোৱা কেইটামাহ আগলৈকে দেশত ক্ৰমান্বয়ে কৰ’না সংক্ৰমণ হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছিল৷ ফেব্ৰুৱাৰীত ভাৰতত সংক্ৰমণ প্ৰায় নোহোৱা হৈ পৰা যেন লাগিছিল আৰু সকলো স্বাভাৱিক অৱস্থালৈ উভতি আহিবলৈ লৈছিল৷ কিন্তু দুমাহৰ ভিতৰত পৰিস্থিতি সলনি হৈ পৰে৷ এই দুমাহত প্ৰতি দিনে দুই লাখৰ অধিক লোকৰ সংক্ৰমণ হ’বলৈ ধৰে আৰু এক মে’ত এদিনত চাৰি লাখ লোকৰ সংক্ৰমণ হয়৷ প্ৰথমটো ঢৌত ১৩০ দিনত ৮০ লাখ লোকৰ সংক্ৰমণ হৈছিল৷ দ্বিতীয়টো ঢৌত ১৩৬ দিনত এক কোটিতকৈ অধিক লোকৰ সংক্ৰমণ হৈছে৷ দেশত এতিয়া ৩৪,৪৭,১৩৩জন ৰোগী চিকিৎসাধীন হৈ আছে আৰু চৌদিশে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ চিকিৎসালয়ত বিছনাৰ অভাৱ, অক্সিজেনৰ অভাৱত ৰোগীয়ে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here