ভাৰতত আগন্তুক দশকবোৰত বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহ, ঘূৰ্ণি বতাহ

0
1678
জলবায়ু পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰসংঘই নিয়োগ কৰা এখন বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন প্ৰকাশ কৰিছে৷ Intergovernmental Panel on Climate Change চমুকৈ IPCC নামৰ এই সমিতিখনৰ প্ৰতিবেদনত কোৱা হৈছে যে আগন্তুক কেইটামান দশক ভাৰত আৰু উপমহাদেশীয় ভূখণ্ডত বৰ্ধিত গ্ৰীষ্ম প্ৰৱাহ আৰু খৰাং, বৃষ্টিপাত বৃদ্ধি পোৱা আৰু ঘূৰ্ণি বায়ুৰে অহা প্ৰবল ধুমুহাৰ আধিক্য আদি ঘটি থাকিব৷ ১৯৫খন চৰকাৰৰ সহযোগত বিজ্ঞানীসকলে চূড়ান্ত কৰা ‘ Climate Change 2021: The Physical Science Basis’ শীৰ্ষক ছিক্সথ্‌ এছেছমেণ্ট ৰিপ’ৰ্টৰ (AR6) প্ৰথম ভাগত এই কথাও কোৱা হৈছে যে গ্ৰীষ্ম প্ৰৱাহ আৰু আদ্ৰৰ গৰমৰ পীড়ন ২১ শতিকাত অধিক প্ৰবল আৰু সঘন হ’ব৷ ভাৰতীয় উপমহাদেশৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে এছিয়াৰ অধিক অংশত গড় আৰু প্ৰবল বৃষ্টিপাত বাঢ়িব৷ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত উপমহাদেশত কৃষিক্ষেত্ৰত খৰাং আৰু পাৰিস্থিতিক [ইক’লজিকেল] খৰাং বৃদ্ধি পোৱাৰ আশংকা আছে৷ প্ৰতিবেদনৰ লেখক ইউনিভাৰ্ছিটি অব্‌ অক্সফ’ৰ্ডৰ এনভাইৰনমেণ্ট চেঞ্জ ইনষ্টিটিউটৰ সহযোগী সঞ্চালক ড॰ ফ্ৰেডেৰিক অট্ট’ই কয় যে প্ৰতিবেদনত পোৱা মূল কথা হৈছে যে জলবায়ু পৰিৱৰ্তন বাস্তৱ ঘটনা, গ্ল’বেল ৱাৰ্মিং বাস্তৱ ঘটনা আৰু মানুহৰ কাৰ্যকলাপৰ বাবে যে উষ্ণতা বৃদ্ধি হৈছে সেয়া এতিয়া সু-প্ৰতিষ্ঠিত৷ প্ৰতিবেদনত আৰু কোৱা হৈছে যে ভাৰত মহাসাগৰত আপেক্ষিক সমুদ্ৰপৃষ্ঠ বিশ্বৰ গড়তকৈ দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ ফলত উপকূলীয় অঞ্চল হেৰাইছে৷ আৰু উপকূল ৰেখা আগুৱাই আহিছে৷ প্ৰতিবেদনত অনুমান কৰা হৈছে যে আগন্তুক দিনত জলবায়ু পৰিৱৰ্তন দ্ৰুত হ’ব৷ ১.৫ ডিগ্ৰী চেলচিয়াছ গ্ল’বেল ৱাৰ্মিঙৰ বাবে গ্ৰীষ্ম প্ৰৱাহ বৃদ্ধি পাব, গৰমৰ দিন বাঢ়িব শীতৰ দিন কমিব৷ ২ ডিগ্ৰী চেলচিয়াছ গ্ল’বেল ৱাৰ্মিঙত গৰমৰ চৰম অৱস্থাত কৃষি আৰু স্বাস্থ্যৰ বাবে সংকটপূৰ্ণ সহনশীল সীমাত উপনীত হ’বগৈ৷ আনহাতে মহানগৰসমূহত জলবায়ু পৰিৱৰ্তনৰ বাবে গৰম বৃদ্ধি, প্ৰবল বৰষুণৰ বাবে বানপানী হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here