ভাল খবৰ : দেশত এদিনত ৪ লাখৰ অধিক লোক আৰোগ্য

0
1246

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে সৃষ্টি কৰা মৃত্যুৰ বিভীষিকা অব্যাহত আছে৷ দেশখনত যোৱা ২৪ ঘণ্টাত কৰ’নাৰ সংক্ৰমণ হৈ অভিলেখসংখ্যক ৪,৩২৯জন লোকৰ মৃত্যু হয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ আনহাতে যোৱা ১৯ মে’ত দেশত মুঠ ২,৬৭,৩৩৪জন লোকৰ নতুনকৈ সংক্ৰমণ হয়৷ ইয়াৰ লগে লগে ভাৰতত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা আঢ়ৈ কোটিৰ অধিক হয়গৈ৷ আনহাতে যোৱা ১৮ মে’লৈকে ৩৩,৫৩,৭৬৫জন লোক চিকিৎসাধীন হৈ আছে৷ কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছেগৈ ২,৮৩,২৭৬৷ মন কৰিবলগীয়া যে যোৱা ১৮ মে’ত দেশত অভিলেখসংখ্যক ৪,২২,৪৩৬জন লোকে আৰোগ্য লাভ কৰে৷ আনহাতে সংক্ৰমণৰ হাৰ হ্ৰাস পাই ১৪.০৯% হৈছেগৈ৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে, ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৮% লোক কৰ’নাত আক্ৰান্ত হৈছে৷ মন্ত্ৰ্যালয়ৰ মতে, দেশত কৰ’নাৰ আৰোগ্য লাভ কৰা হাৰ ৮৫.৬% হৈছেগৈ৷ উল্লেখ্য যে যোৱা ৩ মে’ত এই হাৰ আছিল ৮১.৭%৷ ভাৰতৰ মাত্ৰ দহখন ৰাজ্যতহে এতিয়া দৈনিক সংক্ৰমণ হোৱা লোকৰ সংখ্যা দহ হাজাৰৰ অধিক৷ উল্লেখ্য যে যোৱা দুদিনত দেশত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা তিনি লাখতকৈ কম হৈছে৷ ভাৰতত যোৱা ১৪ দিনত ৫০ লাখতকৈ অধিক লোকৰ সংক্ৰমণ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here