ভাল খবৰ : দিল্লীত কৰ’নাত আক্ৰান্তৰ সংখ্যা আৰু পজিটিভিটিৰ হাৰ দুয়োটাই কমিছে

0
771

দিল্লীত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা কমিছে৷ কৰ’নাৰ দ্বিতীয় ঢৌও কমিছে৷

দিল্লীৰ গুৰু টেগ বাহাদুৰ হস্পিটেল চমুকৈ জি টি বিৰ ৫০০খন নতুন আই চি ইউ বিছনাৰ ব্যৱস্থা কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে এতিয়া দিল্লীত আই চি ইউ বেড বা অক্সিজেন বেডৰ অভাৱ নহ’ব৷ মুখ্যমন্ত্ৰীজনে কয় যে দিল্লীত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা কমিছে৷ কৰ’নাৰ দ্বিতীয় ঢৌও কমিছে৷ আপোনালোকৰ সহযোগিতাত লকডাউন সফল হৈছে আৰু আমি যোৱা কেইদিনমানত অক্সিজেন বেডৰ সংখ্যা বৃদ্ধি কৰিছোঁ৷ আমি জি টি বি হস্পিটেলৰ ওচৰত ৫০০খন নতুন আই চি ইউ বেডৰ এটা ব্যৱস্থা স্থাপন কৰিলোঁ৷ এতিয়া দিল্লীত আই চি ইউ আৰু অক্সিজেন বেডৰ নাটনি নাই৷ উল্লেখ্য যে বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ১২,৪৮১ জন লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ হয় আৰু ৩৪৭জন লোকৰ মৃত্যু হয়৷ পজিটিভিটিৰ হাৰ ১৯ শতাংশৰ পৰা ১৭.৭ শতাংশলৈ হ্ৰাস পাইছে৷ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে নিশ্চিত কৰে যে কভিড-১৯ৰ দ্বিতীয়টো ঢৌ চলি আছে যদিও ৰাষ্ট্ৰীয় ৰাজধানীখনে চৰম বা চূড়ান্ত সংক্ৰমণ অতিক্ৰম কৰিছে আৰু আক্ৰান্ত লোকৰ সংখ্যা আৰু পজিটিভিটিৰ হাৰ দুয়োটাই কমিবলৈ লৈছে৷ সংক্ৰমণৰ হাৰ ৫ শতাংশতকৈও তললৈ নামিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here