বেংগালুৰুত শিশুৰ সংক্ৰমণে মাতিছে অশনি সংকেত

0
1550
ভাৰতৰ শিশুৰ কৰ’নাৰ সংক্ৰমণৰ আশংকা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এজন বিষয়াই এই কথা প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে  কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অহা কেইদিনমানৰ ভিতৰত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা তিনিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বেংগালুৰুত যোৱা ছদিনত তিনি শতাধিক শিশুৰ সংক্ৰমণ হৈছে৷ বেংগালুৰুৰ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, সংক্ৰমণ হোৱা শিশুসকলৰ ভিতৰত ১২৭টা ০-৯ বছৰ বয়সৰ, ১৭৪টা ১০-১৯ বছৰৰ৷ এই তথ্য ৫-১০ আগষ্টৰ ভিতৰৰ৷ ইফালে স্কুল-কলেজ খোলাৰ পাছত কেইবাখনো ৰাজ্যত সংক্ৰমণ বৃদ্ধি পাইছে৷ হিমাচল প্ৰদেশত প্ৰায় ৬২টা শিশুৰ সংক্ৰমণ হৈছে৷ ইয়াৰ পাছত ৰাজ্যখনত ২২ আগষ্টলৈকে স্কুল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ পঞ্জাবতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ ৰাজ্যখনত ২৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ সংক্ৰমণ হৈছে৷ এতিয়া ৰাজ্যখনৰ স্কুলসমূহত প্ৰতিদিনে দহ হাজাৰ RTPCR পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই ৰাজ্যকেইখনত শিশুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত একাংশ বিশেষজ্ঞই এই বুলি মত পোষণ কৰিছে যে ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আৰম্ভ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here