বিশ্বৰ ভিতৰত পুনৰ দ্বিতীয় স্থানত ভাৰত

0
1244

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ সংহাৰ অব্যাহত আছে৷  যোৱা ১১ এপ্ৰিলত দেশত ১,৬৮,৯১২জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷ ইয়াকে ধৰি দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ১,৩৫,২৭,৭১৭লৈ বৃদ্ধি পালে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে যোৱা ১২ এপ্ৰিলৰ পুৱা আঠ বজাত দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে ১১ এপ্ৰিলত ১.৬৮ লাখ লোকৰ নতুনকৈ সংক্ৰমণ হোৱাৰ পাছত মুঠ সংক্ৰমিতৰ ক্ষেত্ৰত ভাৰতে ব্ৰাজিলক চেৰ পেলাই পুনৰ বিশ্বৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰে৷ এই তালিকাত শীৰ্ষ স্থানত আছে আমেৰিকা৷ আমেৰিকাত মুঠ ৩.১৯ কোটি লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে ব্ৰাজিলত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.৩৪ কোটি৷ উল্লেখ্য যে দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বত সকলোতকৈ আগত আছে৷ ভাৰতৰ পাছতে তুৰস্কত ৫০,৬৭৮ লোক এদিনত আক্ৰান্ত হৈছে৷ আনহাতে আমেৰিকাত ৪৭,৮৬৪ আৰু ব্ৰাজিলত ৩৭,৫৩৭ লোক যোৱা ১১ এপ্ৰিলত এই ৰোগত নতুনকৈ আক্ৰান্ত হয়৷ আনহাতে ভাৰতত বৰ্তমান ১২ লাখতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে৷ ১১ এপ্ৰিলত এই ৰোগত আক্ৰান্ত হৈ দেশত মৃত্যু হয় ৯০৪ লোকৰ৷ ইয়াকে ধৰি দেশত এই পৰ্যন্ত ১,৭০,১৭৯ লোকৰ মৃত্যু হৈছে এই ৰোগত আক্ৰান্ত হৈ৷ মৃত্যুৰ হাৰ হ’ল ১.২৬%৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here