বিশ্বৰ প্ৰথম প্ৰিমেছিঅ’ৰ শিশুটি ক’ত জন্মিছে ? Where was the world’s first premature baby born?

0
562
চিকিৎসা বিজ্ঞানৰ ভাষাত বিভিন্ন কাৰণত জন্মৰ সময় নোহোৱাতে যিসকল শিশুৰ জন্ম হয়, সেইসকলক প্ৰিমেছিঅ’ৰ বেবী বোলে৷ সমগ্ৰ বিশ্বতে দৈনিক অত্যধিক হাৰত প্ৰিমেচিঅ’ৰ শিশুৰ জন্ম হৈ আছে৷ তেনেকুৱা প্ৰিমেছিঅ’ৰ শিশু অলপতে জন্ম হয় আমেৰিকাৰ আলাবামাৰ বাৰ্মিংহামত৷ আৰু এই শিশুটিয়ে বিশ্বৰ সকলোতকৈ অকালতে জন্মা শিশু হিচাপে স্বীকৃত লাভ কৰিছে৷ কুৰ্টিছ মিনছ নামৰ অকালতে জন্মা শিশুটিৰ জন্মৰ সময়ত ওজন আছিল ৪২০ গ্ৰাম৷ বাৰ্মিংহামত ২১ সপ্তাহ এদিনত জন্মা কুৰ্টিছক গীনিজ বুক অব্‌ বল্ডৰ্ ৰেকৰ্ডছে এই স্বীকৃতি প্ৰদান কৰিছে৷ উল্লেখ্য যে মিছেল বাটলাৰ নামৰ মহিলা এগৰাকীয়ে যোৱা ৪ জুলাইত যমজ সন্তানৰ জন্ম দিয়ে যদিও কেছিয়া নামৰ সন্তানটিৰ জন্মৰ এদিনৰ পাছতে মৃত্যু হয়, কিন্তু কুৰ্টিছ নামৰ সন্তানটি  সুস্থ অৱস্থাত থাকে৷ কুৰ্টিছক ২৭৫ দিন হাস্পতালত চিকিৎসকৰ তত্ত্বাৱধানত ৰাখি পাছত ঘৰলৈ যাবলৈ দিয়ে৷ কুৰ্টিছক এতিয়াও অক্সিজেনৰ লগতে পাইপেৰে খাদ্য যোগান ধৰি থকা হৈছে যদিও চিকিৎসকে কুৰ্টিছৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ বুলি জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here