পৃথিৱীত জল, স্থল, অন্তৰীক্ষৰ আকাৰ, প্ৰাণীজগতৰ নানা প্ৰজাতি আদিৰ স্থায়িত্ব কিমানদিন? কিমানদিনলৈ জীয়াই থাকিব ইয়াৰ জীৱকুল৷ পৃথিৱীৰ বুকুৰ পৰা এইবোৰ কেতিয়া নিশ্চিহ্ন হৈ যাব? এই বিষয় লৈ বিভিন্ন সময়ত প্ৰশ্নৰ অৱতাৰণা হৈছে৷ এই প্ৰশ্নৰ উত্তৰ দিলে বিজ্ঞানীয়ে৷ ইমানদিনে এটা ধাৰণা আছিল যে কিমান সময়লৈ পৃথিৱীৰ পৰা প্ৰাণীজগত শেষ হৈ যাব পাৰে, সেই ধাৰণা নিশ্চিত কৰিছে নতুন গৱেষণাই৷ আগতে পৃথিৱীত প্ৰাণৰ শেষবিন্দু নিশ্চিহ্ন হ’বলৈ দুশ কোটি বছৰৰ লাগিব বুলি কোৱা হৈছিল৷ কিন্তু নতুন গৱেষণাৰ পৰা জনা গৈছে যে আগৰ ধাৰণাতকৈ খুব কম সময়ৰ ভিতৰতে শেষ হ’ব পৃথিৱীৰ সকলো প্ৰাণ৷ মাত্ৰ এশ কোটি বছৰ লাগিব পৃথিৱীত প্ৰাণৰ অস্তিত্ব নিঃশেষ হ’বলৈ৷ আৰু এইটো হোৱাৰ প্ৰধান কাৰণ হ’ল পৃথিৱীত থকা অক্সিজেনৰ পৰিমাণ কমি গৈ থকাটো৷ এনে পৰিস্থিতি হ’লে এটা সময়ত পৃথিৱীৰ পৰা অক্সিজেন ক্ৰমে নাইকিয়া হৈ যাব৷ ইয়াৰ বিপৰীতে পৃথিৱীত মিথেন গেছৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাব৷ বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে সূৰ্যৰ বয়স ক্ৰমে বৃদ্ধি হৈছে অৰ্থাৎ সূৰ্যৰ আৱিৰ্ভাৱ কেইবা কোটি বছৰৰ আগেয়ে হৈছিল৷ সূৰ্যৰ বয়স বৃদ্ধিৰ ফলত সূৰ্যৰ প্ৰখৰতা বা তীব্ৰতা অত্যধিক বৃদ্ধি পাব৷ লগে লগে বাঢ়িব ইয়াৰ উজ্জ্বলতা আৰু ৰশ্মিৰ তীব্ৰতা৷ যাৰ সহজ অৰ্থ হ’ল পৃথিৱীৰ ওপৰত সূৰ্যৰ তাপ যথেষ্ট বৃদ্ধি পাব৷ য়িাৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যাব৷ কমিব অক্সিজেনৰ উৎপাদনো৷ উল্লেখ্য যে জাপানৰ তোহো বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা গৱেষণাৰ পৰা জনা মতে পৃথিৱীত যিমানে উত্তাপ বৃদ্ধি পাব, সিমানেই কাৰ্বন চক্ৰ দুৰ্বল হৈ পৰিব৷ তেনে অৱস্থাত অক্সিজেন কমি যোৱাৰ ফলত জীৱৰ প্ৰতি আহিব তীব্ৰ প্ৰত্যাহ্বান৷