বিশ্বত বতৰৰ দুৰ্যোগ বাঢ়িছে, কিন্তু মৃত্যু কমিছে : WMO

0
363
ৰাষ্ট্ৰসংঘৰ বতৰ বিজ্ঞান সংস্থাই কয় যে ১৯৭০ৰ দশকতকৈ বৰ্তমান পৃথিৱীত বতৰৰ দুৰ্যোগ (weather disaster) চাৰিৰ পৰা পাঁচগুণ বেছি সঘন হৈছে আৰু সাতগুণ বেছি ক্ষয়-ক্ষতি কৰিছে৷ অৱশ্যে এনেবোৰ দুৰ্যোগত বহু কম মানুহ নিহত হৈছে৷ ১৯৭০ৰ দশকত আৰু ১৯৮০ৰ দশকত এনেবোৰ দুৰ্যোগত সমগ্ৰ বিশ্বত এদিনত গড়ে প্ৰায় ১৭০জন লোক নিহত হৈছিল৷ ২০১০ৰ দশকত দৈনিক প্ৰায় ৪০ শতাংশলৈ কমে৷ এখন প্ৰতিবেদনত বিশ্ব বতৰ বিজ্ঞান সংগঠন চমুকৈ WMO-এ যোৱা অৰ্ধ-শতিকাত হোৱা ১১ হাজাৰোধিক দুৰ্যোগৰ বিশ্লেষণ কৰে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে দুৰ্যোগৰ প্ৰকোপ বাঢ়িছে যদিও ভাল খবৰটো হ’ল যে মানুহ নিহত হোৱাটো কমিছে৷ আনহাতে বেয়া খবৰটো হ’ল যে অৰ্থনৈতিক ক্ষতি অতি দ্ৰুতভাৱে বাঢ়িছে আৰু সেইটো অব্যাহত থাকিব৷ আগন্তুক দশকবোৰত দুৰ্যোগ আৰু বাঢ়িব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here