বিশুদ্ধ বতাহ অবিহনে কি কি ভয়াৱহতা হ’ব পাৰে?

0
1864


ঠাণ্ডাৰ দিনেই হওক বা গৰমৰ দিনেই হওক, ৰাতিপুৱা শুই উঠিয়েই শীতল বতাহ এজাক গাত লগাৰ লগে লগে দেহ-মন জীপাল হৈ উঠে৷ প্ৰচলিত এষাৰ কথা আছে যে ৰাতিপুৱা সোনকালে শুই উঠি পঢ়াৰ টেবুলত বহিলে হেনো সকলোখিনিয়েই মনত ৰৈ যায়৷ ইয়াৰ যুক্তিযুক্ততা কিমান, তাৰ বিষয়ে আপোনালোকক আভাস দিবলৈ বিচৰা হৈছে৷ আচলতে ৰাতিপুৱা সোনকালে শুই উঠি বিশুদ্ধ বতাহ সেৱন কৰিলে আমাৰ মন-মগজু সতেজ আৰু সক্ৰিয় হয়৷ যাৰ বাবে যি পঢ়োঁ, আটাইবোৰ মগজুৱে ভালদৰে আয়ত্ত কৰিব পাৰে৷ বিশুদ্ধ বতাহ সেৱনে দেহত অক্সিজেন সৰবৰাহ বৃদ্ধি কৰে৷ ইয়াৰ ফলত আমাৰ খাদ্য সহজে হজম হোৱাত সহায়ক হয়৷ বিশেষকৈ শৰীৰৰ ওজন কমাবলৈ বিচাৰিলে বিশুদ্ধ বতাহ অতি উত্তম৷ বিশুদ্ধ বতাহে ৰক্তচাপ আৰু হৃদস্পন্দনৰ গতি উন্নীতকৰণত সহায় কৰে৷ যিমানে বিশুদ্ধ বতাহ সেৱন কৰোঁ, সিমানে আমাৰ দেহত ছেৰ’টনিনৰ পৰিমাণ বৃদ্ধি হয়৷ ইয়ে আমাৰ মনটো সুখী কৰি ৰখাত সহায় কৰে৷ বিশুদ্ধ বতাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাওঁফাঁওক চাফা কৰি ৰাখে৷ বিশুদ্ধ বতাহে আমাক যি অক্সিজেন প্ৰদান কৰে, তাৰ সেৱনৰ ফলত কামত মন বহুৱাবলৈ মনক অধিক কাৰ্যক্ষম কৰি তোলাৰ লগতে অধিক শক্তি প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here