গুৱাহাটীৰ সোণাপুৰস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল ইন্ষ্টিটিউট অব্ কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডিৰ ৯৩ সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো যোৱা ৩০ মাৰ্চ, দেওবাৰে নগাঁৱৰ আমছৈত অনুূষ্ঠিত হৈ যায়৷ আই ইউ কে ডি আৰু ইষ্টাৰ্ন ষ্ট’ন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ সহযোগত তথা নানু দাস আৰু বান্ধোন হেঁপাহৰ উদ্যোগত নকুছি খেলপথাৰ আমছৈত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট, লেজাৰমেন খ্যাত ডাঃ অৰূপ কুমাৰ নাথক বান্ধোন হেঁপাহৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটা নেপালী টুপিৰে সম্ভাষণ জনায়৷ অনুষ্ঠানত ডাঃ নাথে কিডনীজনিত সমস্যা তথা কিডনী বিকল হোৱাৰ বিভিন্ন কাৰণ সম্পৰ্কে ৰোগীসকলক অৱগত কৰে৷ উচ্ছ ৰক্তচাপ,, ডায়েবেটিছ, অত্যধিক পেইনকিলাৰ সেৱন, ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ, মদ্যপান তথা কিছুক্ষেত্ৰত জেনেটিক হিচাপেও কিডনী বিকল হোৱাৰ কথা ডাঃ নাথে উল্লেখ কৰে৷ সেয়ে কিডনীৰ সুস্বাস্থ্যৰ বাবে মাজে মাজে কিডনীৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতিকে জৰুৰী বুলি ডাঃ নাথে লগতে উপস্থিত ৰাইজক অৱগত কৰে৷ আনহাতে এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাক ভূয়সী প্ৰশংসা কৰে৷ ইয়াৰ পাছত ডাঃ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উল্লেখ্য যে ইতিমধ্যে ডাঃ নাথে বিগত কেইমাহমান ধৰি অসমৰ বিভিন্ন প্ৰান্তত আই ইউ কে ডিয়ে কিডনী সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ পৰা তিনিকুৰিৰো অধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ শিবিৰত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত যোৱা চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছকে ধৰি এটা সঁজাতী দলে এই ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়ায়৷ উল্লেখ্য যে সোণাপুৰত থকা আই ইউ কে ডি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷
বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
- Advertisement -