পৃথিৱীৰ বাবে আন এক ভয়ানক দিনৰ আগমন হৈ আছে৷ অৰ্থাৎ পৃথিৱীৰ এক ভয়াৱহ দিশে গতি কৰিছে৷ এই সতৰ্কবাণী শুনাইছে এদল বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে এইবুলি প্ৰকাশ কৰিছে যে প্ৰথমবাৰৰ কাৰণে বিশ্বৰ জলচক্ৰৰ ভাৰসাম্য বিনষ্ট হৈছে৷ বিজ্ঞানীসকলৰ এখন প্ৰতিবেদনত এইবুলি সতৰ্ক কৰি দিয়া হৈছে যে জলচক্ৰৰ ভাৰসাম্য বিনষ্ট হোৱাৰ ফলত জল সংকট বৃদ্ধি পাইছে আৰু পাছলৈ ইয়াৰ ফলত খাদ্যশস্যৰ উৎপাদন হ্ৰাস পাব আৰু মানৱ জীৱনলৈ দুৰ্যোগ নামি আহিব৷ জল অৰ্থশাস্ত্ৰ বিষয়ক বিশ্ব আয়োগৰ উক্ত প্ৰতিবেদনত কোৱা হৈছে যে দশক দশক ধৰি ভূমিৰ বিনাশকাৰী ব্যৱহাৰ আৰু পানীৰ কুব্যৱস্থাৰ লগতে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱে বিশ্বৰ জলচক্ৰত অভূতপূৰ্ব চাপৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যিটো প্ৰণালীৰ জৰিয়তে পানী পৃথিৱীৰ চাৰিওফালে বৈ থাকে তাকে জলচক্ৰ বোলা হয়৷ এই জলচক্ৰৰ ভাৰসাম্য বিনষ্ট হোৱাৰ ফলত পৃথিৱীৰ প্ৰায় ৩০০ কোটি লোক পানীৰ সংকটত ভুগিছে৷ ইয়াৰ লগতে কিছু অঞ্চলত যদি বানপানীৰ সৃষ্টি হৈছে ইয়াৰ বিপৰীতে কিছু অঞ্চলত প্ৰবল খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উক্ত প্ৰতিবেদনত লগতে কোৱা হৈছে যে এই পৰিস্থিতিৰ যদিহে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰে ইয়াৰ পৰিণাম অধিক ভয়াৱহ হ’ব৷ জল সংকটৰ ফলত বিশ্বত খাদ্য উৎপাদন হ্ৰাস পাব আৰু ফলত নাগৰিকে খাদ্য সংকটৰ সন্মুখীন হ’বগৈ৷