ফিতাকৃমিৰ সংক্ৰমণৰ বাবে ভাৰতত স্নায়ুৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

0
2

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন [চি ডি চি]ৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যে ভাৰতত বিভিন্ন প্ৰান্তৰত এই গ্ৰীষ্মকালৰ সময়ত ফিতাকৃমিৰ সংক্ৰমণ ঘটে৷ যি ৰোগ বিস্তাৰিত হৈছে ইয়াৰ নাম নিউৰোচিষ্টিচাৰকোছিছ৷ বহু লোকৰ ক্ষেত্ৰত কোনো কাৰণ অবিহনে মাটিত পৰি যোৱা, অস্বাভাৱিক আচৰণ কৰা, কাৰো ক্ষেত্ৰত দেখা যায় মৃগীৰোগৰ উপসৰ্গ৷ চিকিৎসকে পৰীক্ষা কৰি দেখা পাইছে, মস্তিষ্কৰ কোষত ফিতাকৃমিৰ লাৰ্ভাৰ উপস্থিতি৷ আৰু এই লাৰ্ভাই নষ্ট কৰি দিছে মস্তিষ্কৰ কোষ লগতে স্নায়ুৰ ক্ষয়প্ৰাপ্ত হৈছে৷ প্ৰধানকৈ শেহতীয়াভাৱে মুম্বাইৰ বিভিন্ন ঠাইত এনে বিৰল স্নায়ুৰ ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ বিশেষজ্ঞই মস্তিষ্কত ফিতাকৃমিৰ সংক্ৰমণৰ ফলতে এনে ৰোগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ এই ৰোগ নাম হৈছে নিউৰোচিষ্টিচাৰকোছিছ৷ ই মূলতঃ পৰজীৱী ৰোগ৷ দূষিত পানী, খাদ্যৰ জৰিয়তে ফিতাকৃমিৰ কণী শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে৷ সেই লাৰ্ভা শৰীৰৰ পৰা পুষ্টি গ্ৰহণ কৰি অন্ত্ৰত বৃদ্ধি হয়৷ তাৰ পৰা ফাটি গৈ লাৰ্ভা বাহিৰ হয়, যি ৰক্তপ্ৰবাহত জৰিয়তে মস্তিষ্কলৈ গতি কৰি মস্তিষ্কৰ বিভিন্ন কোষত আশ্ৰয় লয়৷ আৰু মস্তিষ্কৰ কোষৰ পৰা পুষ্টি সংগ্ৰহ কৰে৷ যাৰ ফলত মস্তিষ্কৰ কোষৰ ক্ষতি হোৱাৰ লগতে স্নায়ুৰ ক্ষতিসাধন কৰে৷ মস্তিষ্কত চিষ্ট তৈয়াৰ হয়৷ যাৰ বাবে ৰোগীৰ মূৰৰ বিষ হয়, সঘনাই বমি হয়, সলনি হয় মেজাজ৷ মস্তিষ্কৰ প্ৰদাহ বাঢ়ি তাৰ পৰা ব্ৰেইন ষ্টে˜াকপৰ্যন্ত হ’ব পাৰে৷ চি ডি চিয়ে জানিবলৈ দিয়ে টে মুম্বাইৰ বিভিন্ন ঠাইত নানা কাৰণত পানী কমি গৈছে৷ সেইবাবে পশু-পখিৰ মলৰ জৰিয়তে ফিতাকৃমিৰ উপদ্ৰৱ বাঢ়িছে৷ অপৰিষ্কাৰ ঠাই, দূষিত পানী, আধা সিদ্ধ খাদ্যৰ জৰিয়তে এই পৰজীৱীৰ দ্ৰুত সংক্ৰমণ ঘটে৷ ইয়াৰ উপৰি পদপথ, ৰাস্তাত বিক্ৰী হোৱা কটা ফল, চবজি, চৰবত আদিৰ দ্বাৰাও সংক্ৰমণ ঘটিব পাৰে৷ এইবোৰৰ জৰিয়তে এবাৰ শৰীৰৰ ভিতৰত ফিতাকৃমিৰ কণী প্ৰৱেশ কৰিলে ইয়াৰ দ্ৰুতভাৱে বংশবৃদ্ধি হৈ জটিল স্নায়বিক ৰোগৰ সৃষ্টি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here