পৰ্যাপ্ত পানী সেৱনেও কমাব পাৰে ডায়েবেটিছ

0
28


পৰ্যাপ্ত পৰিমাণে পানী সেৱনেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ৷ শুনিলে আচৰিত লাগিলেও আয়ুৰ্বেদে এই কথা জানিবলৈ দিয়ে৷ ডায়েবেটিছ আক্ৰান্ত লোক বৰ্তমান প্ৰায় প্ৰতিঘৰতে আছে৷ বৰ্তমান সময়ত একাধিক ব্যক্তিয়ে ডায়েবেটিছত ভুগিছে৷ সেয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ মানি চলা হয় বিভিন্ন নিয়ম৷ পানী সেৱনেও কমাই ৰাখিব পাৰে ডায়েবেটিছ৷ আয়ুৰ্বেদ অনুসৰি তামৰ পাত্ৰত পানী সেৱন কৰিলে ব্লাড ছুগাৰ বহুখিনি নিয়ন্ত্ৰণত থাকে৷ কিন্তু ইয়াৰ বাবে মানিব লাগিব কিছু সঠিক নিয়ম৷ তাম আমাৰ মানৱদেহৰ বাবে এবিধ গুৰুত্বপূৰ্ণ খনিজ, যি দেহৰ ৫০টাতকৈও বেছি এনজাইমেটিক প্ৰক্ৰিয়াৰ কাম কৰাত সহায় কৰে৷ তামৰ পাত্ৰত পানী সেৱন কৰি প্ৰক্ৰিয়া ভাৰতৰ প্ৰাচীনৰে পৰা আছিল৷ কিন্তু কিদৰে তামৰ পাত্ৰত ৰখা পানী সেৱন কৰিলে ডায়েবেটিছ কমাত সহায় কৰে৷ উল্লেখ্য যে আমাৰ শৰীৰে নিজে তাম উৎপাদন কৰিব নোৱাৰে৷ সেয়ে আমাৰ খাদ্য তালিকাত তাম ৰখা প্ৰয়োজন৷ এণ্টিইনফ্লমেটৰি আৰু এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্যৰে ভৰপূৰ তামৰ পাত্ৰত পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ লোহিত ৰক্ত কণিকাৰ বিকাশত সহায় কৰে৷ ডায়েবেটিছ ৰোগীৰ প্ৰায়েই ছালৰ সমস্যা, প্ৰদাহৰ সমস্যাত ভোগে৷ এই ক্ষেত্ৰত তামৰ পাত্ৰত পানী সেৱন কৰিলে সুফল পোৱা যায়৷ তামৰ পাত্ৰত পানী সেৱনে হজম প্ৰক্ৰিয়া উন্নত কৰে, যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here