প্ৰতিদিনে ব্যৱহৃত পানীয়ৰ পৰাও মস্তিষ্কৰ ক্ষতিৰ সম্ভাৱনা

0
13

মস্তিষ্কৰ স্বাস্থ্য ভালে নাথাকিলে বয়সৰ লগে লগে আলঝেইমাৰৰ দৰে ৰোগৰ আশংকা বৃদ্ধি হয়৷ চিকিৎসকে জনোৱা মতে এনে কিছুমান পানীয় আছে, যিবোৰে মস্তিষ্কৰ ক্ষতি কৰিব পাৰে৷ ইয়াৰ ফলত আলঝেইমাৰৰ সম্ভাৱনা বাঢ়ে৷ ব্যাৱহাৰিক জীৱনত এই ধৰণৰ পানীয় নিয়মিত সেৱন কৰা হয়৷ কিন্তু ইয়াৰ ফলত যে মস্তিষ্কৰ ক্ষতি হ’ব পাৰে, সেই কথা বহুতেই বুজি নাপায়৷
মদ্যপান– মদ্যপান স্বাস্থ্যৰ পক্ষে উপকাৰী হয় নে নহয়, সেই বিষয়ে বিভিন্ন মতামত প্ৰকাশ পাইছে৷ জনা গৈছে যে মদ্যপান মস্তিষ্কৰ কাৰ্যক্ষমতা নষ্ট কৰিব পাৰে৷ দীৰ্ঘসময় মদ্যপান কৰাৰ ফলত স্মৃতিশক্তি লোপ পায়৷ অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে তথা পেটৰ উপকাৰী জীৱাণুবোৰৰ ক্ষতি কৰিব পাৰে৷ ইয়াৰ প্ৰভাৱ মস্তিষ্কত পৰে৷
নৰম পানীয়– বজাৰত যি শীতল পানীয় পোৱা যায়, এইবোৰ যথেষ্ট পৰিমাণে কাৰ্বন-ডাই-অক্সাইড আৰু অতিৰিক্ত চেনি থাকে৷ প্ৰতিদিনে মাত্ৰাতিৰিক্ত চেনি খালে ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ সমীক্ষাত দেখা গৈছে কৃত্ৰিম চেনি ব্যৱহাৰৰ ফলত টাইপ টু ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাইছে৷ যাৰ বাবে শৰীৰত প্ৰদাহ তৈয়াৰ হ’ব পাৰে৷ দেহত প্ৰদাহ তৈয়াৰ হ’লে মস্তিষ্কৰ ক্ষতি কৰে৷
দেশৰ বহু প্ৰত্যন্ত অঞ্চলত এতিয়াও দমকলৰ পানী, কুঁৱা, জলাশয় আদিৰ পানী সেৱন কৰা হয়৷ বিশেষজ্ঞই জনোৱা মতে এইধৰণৰ পানীত ফ্লুয়োৰাইড নামৰ এবিধ ৰায়াসনিক থাকে, যিয়ে মস্তিষ্কৰ ক্ষতি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here