পৃথিৱীৰ অভ্যন্তৰীণ কেন্দ্ৰৰ প্ৰান্তৰ এশ মিটাৰ বা তাতকৈ বেছি অঞ্চল বিকৃত হৈছে বুলি দাবী কৰিছে এদল বিজ্ঞানীয়ে৷ সম্প্ৰতি আন্তৰ্জাতিক বিজ্ঞান সাময়িকী নেচাৰেল জিঅ’ছায়েন্সত প্ৰকাশিত হৈছে এই তথ্য৷ উক্ত গৱেষণাটোৰ নেতৃত্ব প্ৰদান কৰিছিল কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী অধ্যাপক জন ভিদালে৷ গৱেষণাৰ জৰিয়তে বিজ্ঞানীয়ে অনুসন্ধান যে কিয় পৃথিৱীৰ অভ্যন্তৰীণ কেন্দ্ৰটো পৃথিৱীৰ ঘূৰ্ণনৰ তুলনাত লাহে লাহে ঘূৰিবলৈ আৰম্ভ কৰিছে আৰু ২০২১ চনত পুনৰায় ইয়াৰ গতি ঘূৰাই পাইছে তথা পৃথিৱীৰ কেন্দ্ৰই কিদৰে কাম-কাজ কৰে এইবোৰ বিষয়ত অনুসন্ধান চলায়৷ এই বিষয়সমূহ ক্ষেত্ৰত বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে পৃথিৱীৰ সকলোতকৈ গভীৰ অংশ হ’ল পৃথিৱীৰ কেন্দ্ৰস্থল৷ এই অংশ এটা ছলিড কোৰ, যি পূৰামাত্ৰাই পৃথিৱীৰ কেন্দ্ৰৰ নিকটৱত¹ স্থানত অৱস্থিত৷ ইয়াৰ চাৰিওফালে আছে তৰল বহিৰ্ভাগৰ কেন্দ্ৰ তথা অভ্যন্তৰীণ কেন্দ্ৰটো তলৰ বহিৰ্ভাগৰ কেন্দ্ৰৰ তুলনাত বেলেগধৰণে ঘূৰে৷ এই ঘূৰ্ণনটো পৃথিৱীৰ পৃষ্ঠৰ বা উপৰিভাগৰ তুলনাত একেবাৰে বেলেগ গতিত ঘূৰে৷ লগতে তেওঁলোক জানিবলৈ দিয়ে যে এই গতি যদি স্তব্ধ হৈ যায়, তেনেহ’লে পৃথিৱী মঙল গ্ৰহৰ দৰে নিষ্প্ৰাণ হৈ যাব৷ অভ্যন্তৰীণ আৰু বাহ্যিক কেন্দ্ৰৰ সংযোগস্থলত এই পৰিৱৰ্তন হৈছে বুলি সদৰী কৰিছে বিজ্ঞানীয়ে৷ তেওঁলোকে এ্ই পৰিৱৰ্তনৰ উমান পাইছে ১৯৯১ চনৰ পৰা ২০২৩ চনৰ মাজত একেটা স্থানতে সঘনাই হোৱা ভূমিকম্পৰ তৰংগ বিশ্লেষণ কৰি৷ এই সম্পৰ্কে অষ্টে˜লিয়াৰ নেশ্যনেল ইউনিভাৰছিটিৰ অধ্যাপক হ্ৰভোজে টকালছিকে জনায় যে এই আৱিষ্কাৰে অভ্যন্তৰীণ কেন্দ্ৰৰ ঘনত্ব সম্পৰ্কেও নিখুঁত ধাৰণা দিবলৈ সক্ষম হ’ব৷ পৃথিৱীৰ অভ্যন্তৰীণ কেন্দ্ৰৰ এই পৰিৱৰ্তনে পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত হ’ব পাৰে বুলি ধাৰণা কৰিছে বিজ্ঞানীয়ে৷