পুনৰ কিডনী বিক্ৰীৰ ঘটনা : ডিব্ৰুগড়ৰ বাগিচাত সক্ৰিয় মানৱ অংগৰ দালাল চক্ৰ

0
996
ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা লাহোৱাল আৰক্ষী থানা আৰু ঘোঁৰামৰা উপআৰক্ষী চকীৰ অন্তৰ্গত চিংলিজান চাহ বাগিচাত পুনৰ দালাল চক্ৰই কিডনী বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে৷ পূৰ্বতে বাগিচাখনৰ পাঁচজনতকৈ অধিক পুৰুষ, যুৱকে দালাল চক্ৰৰ কবলত পৰি আৰু আৰ্থিক দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি কলকাতাত আঢ়ৈৰ পৰা পাঁচ লাখ টকাৰ বিনিময়ত কিডনী বিক্ৰী কৰি অহাৰ বাতৰি প্ৰকাশ পাইছিল৷ এইবাৰ পুনৰ একেখন বাগিচাৰ এগৰাকী মহিলাই কলকাতাত পাঁচ লাখ পঞ্চাশ হাজাৰ টকাৰ বিনিময়ত নিজৰ কিডনী দালাল চক্ৰৰ কবলত পৰি বিক্ৰী কৰা ঘটনা পোহৰলৈ অহাত সমগ্ৰ বাগিচাখনত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডিব্ৰুগড়ৰ চিংলিজান চাহ বাগিচাত স্থানীয় মহিলা সমিতিয়ে মানৱ অংগৰ দালাল চক্ৰৰ বিৰুদ্ধে অনুষ্ঠিত কৰে ৰাজহুৱা সভা৷ চিংলিজান চাহ বাগিচা হস্পিটেলৰ কৰ্মচাৰী বীনা মিৰ্ধা নামৰ মহিলাগৰাকীয়ে এমাহ পূৰ্বে কলকাতালৈ দালাল চক্ৰটোৰ লগত গৈ বিক্ৰী কৰিছিল কিডনী৷ মহিলাগৰাকীৰ কন্যা এসময়ত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে সাক্ষাৎ হৈছিল তেজপুৰৰ নাতুন দেউৰী আৰু মমিকা দেউৰী নামৰ দম্পতীৰ৷ তেজপুৰ ৰঙাপাৰাৰ এই  কিডনী দালাল চক্ৰ দম্পতীয়ে কিডনী বিক্ৰীৰ পৰামৰ্শ দিছিল বীণা মিৰ্ধাক৷ ৫ লাখ ৫০ হাজাৰ টকাত বন্দৱস্ত হৈছিল বীণা মিৰ্ধা নামৰ মহিলাগৰাকীৰ সৈতে৷ তেওঁলোকৰ লগত ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা ৰে’লেৰে তেজপুৰ আৰু তাৰ পৰা কলকাতালৈ গৈ এমাহ পূৰ্বে কলকাতাত নিজৰ কিডনী বিক্ৰী কৰিছিল বীণা মিৰ্ধাই৷ এই কথা স্বীকাৰ কৰে বীণা মিৰ্ধাই৷ উল্লেখ্য যে ডিব্ৰুগড় জিলা বকপৰা, চিংলিজান, জামিৰা চাহ বাগিচাৰ প্ৰায় দহৰ পৰা পোন্ধৰগৰাকী লোকে দালাল চক্ৰৰ কবলত পৰি ধনৰ লোভ আৰু আৰ্থিক দৈন্যৰ বাবে ধনৰ চুক্তিৰ বিনিময়ত নিজৰ কিডনী বিক্ৰী কৰিছিল যদিও বন্দৱস্ত হোৱা ধন সম্পূৰ্ণকৈ আজিও লাভ নকৰাৰ কথা নিজেই প্ৰকাশ কৰিছিল৷ চৰকাৰ, প্ৰশাসনে ড্ৰাগ্‌ছ, মদ তথা অসামাজিক কাৰ্যৰ বিৰুদ্ধে যিদৰে পদক্ষেপ গ্ৰহণ কৰিছে, ঠিক তেনেদৰে মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত দালাল চক্ৰৰ বিৰুদ্ধে কিন্তু বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here